ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ছিডনীত আগশাৰী ব্যৱসায়ী আৰু কোম্পানীসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে ড০ এছ জয়শংকৰৰ বৈঠক

বৈদেশিত পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড০ এছ জয়শংকৰে দেশৰ আন্তঃগাঁথনি, উৎপাদন, দক্ষতা বিকাশ আৰু ডিজিটেল ৰূপান্তৰৰ দিশসমূহৰ কথা উল্লেখ কৰে।

ছিডনীত আজি আগশাৰী ব্যৱসায়ী আৰু কোম্পানীসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে হোৱা বৈঠকত মন্ত্ৰীগৰাকীয়ে কয়, যে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ ব্যৱসায় আৰু বিনিয়োগ বৃদ্ধিৰ ক্ষেত্ৰত উমৈহতীয়া কৌশলগত দ্বিপাক্ষিক সহযোগিতাই বিশেষ ভূমিকা পালন কৰে। অষ্ট্ৰেলিয়া ভ্ৰমণ কালত ড০ জয়শংকৰে ভাৰতীয় মূলৰ লোকসকলক সাক্ষাৎ কৰাৰ লগতে ছিডনীৰ নিউ ছাউথ ৱেলছৰ সাংসদ গৰাকীকো দেখা কৰে। তেওঁ দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত ভাৰতীয় সম্প্রদায়ে আগবঢ়োৱা অৱদানৰ শলাগ লয়।