◊ অসমৰ ৰাইজৰ হিয়াৰ আমঠু, জনপ্রিয় কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। ছিংগাপুৰত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈ সাগৰত সাঁতোৰাৰ সময়ত হঠাৎ অসুস্থ হৈ মৃত্যুক আঁকোৱালি লয় ক্ষণজন্মা শিল্পীগৰাকীয়ে। তিনি দশকৰো অধিক কাল অসমীয়া সংগীতজগতত অপ্ৰতিদ্বন্দ্বী হৈ ৰোৱা কণ্ঠশিল্পী জুবিন গাৰ্গে কেৱল অসমীয়াই নহয়, বাংলা, হিন্দী আৰু আন কেইবাটাও ভাৰতীয় ভাষাত গীত গাই শ্ৰোতাক মন্ত্রমুগ্ধ কৰি থৈ গৈছে। প্ৰতিটো প্ৰজন্মক সংগীতৰ যাদুৰে মোহাচ্ছন্ন কৰি কেৱল ৫৩ বছৰ বয়সতে মৃত্যুক সাৱটি লোৱা জুবিন গাৰ্গৰ দেহাৱসানত ৰাজ্য আৰু দেশ শোকস্তব্ধ হৈ পৰিছে।
জুবিন গাৰ্গৰ মৃত্যুত শোকাহত হৈ পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও। শ্ৰী মোদীয়ে জুবিন গাৰ্গৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি দিয়া এটা বাৰ্তাত কয়, যে শিল্পীগৰাকীৰ সুৰীয়া গীতসমূহ সমাজৰ সকলো স্তৰৰ লোকৰ মাজত অতি প্রিয় আছিল। সংগীত জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে জুবিন গাৰ্গ সদায় স্মৰণীয় হৈ ৰ’ব বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। গৃহমন্ত্রী অমিত শ্বাহেও জনপ্রিয় শিল্পীগৰাকীৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্রীশ্বাহে কয় যে দশক দশক ধৰি শিল্পীগৰাকীৰ সোণালী কণ্ঠই প্ৰজন্মৰ পাছত প্ৰজন্মক মোহাচ্ছন্ন কৰি ৰাখিছিল।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে। তেওঁ শিল্পীগৰাকীৰ নশ্বৰ দেহ অসমলৈ ঘূৰাই অনাৰ বাবে ছিংগাপুৰৰ ৰাষ্ট্ৰদূতৰ সৈতে কথাবতৰা হৈছে বুলি জনাইছে। শিল্পীগৰাকীৰ মৃত্যুত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও গভীৰ শোক প্ৰকাশ কৰিছে।
কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু, বিৰোধী নেতা ৰাহুল গান্ধীকে ধৰি আন কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্রী, ৰাজ্য চৰকাৰৰ মন্ত্ৰী, সাংসদ গৌৰৱ গগৈ, বলিউদৰ বিশিষ্ট গায়ক, সংগীত পৰিচালক প্ৰীতম, অংগৰাগ মহন্ত, জুবিন নটিয়াল প্ৰমুখ্যে অজস্র গুণমুগ্ধই গভীৰ শ্রদ্ধা নিবেদন কৰিছে।
উল্লেখযোগ্য যে অসমীয়া সংগীত জগতত বৰ্ণিল যুগৰ সূচনা কৰা জুবিন গাৰ্গৰ জন্ম হৈছিল ১৯৭২ চনৰ ১৮ নৱেম্বৰত মেঘালয়ৰ তুৰাত। ১৯৯২ চনত অনামিকা এলবামেৰে সংগীত যাত্ৰা আৰম্ভ কৰা জুবিন গাৰ্গে নৱপ্ৰজন্মক পুনৰ অসমীয়া আধুনিক গীতৰ অনুৰাগী কৰি তোলাত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। বাংলা ছবি শুধু তুমিৰ বাবে ২০০৫ চনত তেওঁ বংগীয় চলচ্চিত্র সমালোচক সংস্থাই আগবঢ়োৱা শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছিল। ২০০৭ চনত হিন্দী ছবি গেংষ্টাৰৰ য়া আলী শীৰ্ষক গীতটোৰ বাবে তেওঁ গ্লোবেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড আৰু ষ্টাৰডাষ্ট এৱাৰ্ডত শ্রেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ বঁটা লাভ কৰিছিল। তদুপৰি ইংৰাজী-খাচী ছবি ইক’জ অব ছাইলেন্স ছবিৰ বাবে তেওঁ শ্রেষ্ঠ সংগীত পৰিচালক হিচাপে ৰজত কমল বঁটা লাভ কৰিছিল। সংগীতৰ মহান পূজাৰীগৰাকীৰ মৃত্যুত আমি শিল্পীগৰাকীলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ।