ডাউনলোড
মোবাইল এপ

android apple
signal

ছয়মাইলৰ উৰণ সেতু আৰু ডাউন টাউন হাস্পতালৰ মাজত সোমবাৰৰ পৰা নিশাৰ ভাগত যান-বাহনৰ চলাচলত প্ৰশাসনৰ বাধা আৰোপ

গুৱাহাটী মহানগৰীৰ ছয়মাইলত উৰণ সেতুৰ নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত কেতবোৰ প্ৰয়োজনীয় কাম-কাজ সূচলভাবে সম্পন্ন কৰাৰ উপৰি অঞ্চলটোৰে আহ-যাহ কৰা জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ আৰক্ষীৰ উপ-আয়ুক্তই নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি কাইলৈৰ পৰা কাৰ্যকৰী হোৱাকৈ নিশা  ১১.৩০ বজাৰ পৰা পুৱতি নিশা  ৪-৩০ বজালৈ উৰণ সেতুৰ কাম সম্পূৰ্ণ নোহোৱা পৰ্যন্ত যান-বাহনৰ চলাচল কিছু নিয়ন্ত্ৰণ কৰা হ’ব। ছয়মাইলৰ উৰণ সেতু আৰু ডাউন টাউন হাস্পতালৰ মাজত এই সময়ছোৱাত যান-বাহনৰ চলাচল বন্ধ থাকিব। খানাপাৰাৰ দিশৰ পৰা পাঞ্জাবাৰী নাইবা জয়ানগৰ অভিমুখী যান-বাহনসমূহ নিয়মিতভাৱে চলাচল কৰি থাকিব পাৰিব। চচল আৰু আনন্দ নগৰৰ দিশৰ পৰা দিছপুৰ অভিমুখী যান-বাহনসমূহ এই সময়ছোৱাত জয়ানগৰ হৈ বেলতলা বজাৰ পথেৰে ছাৰ্ভে হৈ লাষ্টগেটলৈ যাব পাৰিব বুলিও নিৰ্দেশনাটোত কোৱা হৈছে। গণেশগুৰিৰ দিশৰ পৰা খানাপাৰালৈ যোৱা বাহনসমূহ চুপাৰ মাৰ্কেট উৰণ সেঁতুৰে লাষ্টগেট গৈ যাব পাৰিব বুলি কোৱা হৈছে।

অধিক পঢ়ক

সকলো চাওক