ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

চৰকাৰে বিগত ১০ বছৰত সংখ্যালঘু সম্প্রদায়কে ধৰি দৰিদ্ৰ জনসাধাৰণৰ জীৱন উন্নীত কৰিছেঃ ধর্মেন্দ্র প্রধান

চৰকাৰে বিগত ১০ বছৰত সংখ্যালঘু সম্প্রদায়কে ধৰি দৰিদ্ৰ জনসাধাৰণৰ জীৱন উন্নীত কৰিছে বুলি কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি সংখ্যালঘু শৈক্ষিক প্ৰতিষ্ঠানৰ ৰাষ্ট্ৰীয় আয়োগৰ ২০ সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে সবকা সাথ, সবকা বিকাশ মন্ত্ৰৰে আগবাঢ়িছে। শ্রী প্রধানে প্রধানমন্ত্রী আবাস যোজনা আৰু প্ৰধানমন্ত্ৰী উজ্বলা যোজনাৰ দৰে চৰকাৰৰ আঁচনিসমূহত আলোকপাত কৰি কয়, যে এই আঁচনিসমূহে বিশেষকৈ সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলৰ জীৱন ধাৰণৰ মান উন্নত কৰিছে। শিক্ষাৰ গুৰুত্বৰ কথা উল্লেখ কৰি শ্ৰী প্ৰধানে কয়, যে সংখ্যালঘু সম্প্ৰদায়ৰ সবলীকৰণৰ বাবে সংখ্যালঘু শৈক্ষিক প্ৰতিষ্ঠানৰ ৰাষ্ট্ৰীয় আয়োগ গঠন কৰা হৈছিল। শিক্ষামন্ত্ৰীগৰাকীয়ে শৈক্ষিক প্রতিষ্ঠানসমূহক বিশেষকৈ সংখ্যালঘু প্রতিষ্ঠানসমূহক ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ সঠিকভাৱে ৰূপায়ণ কৰিবলৈ আহ্বান জনায়।