ৰাজ্যৰ প্ৰতিখন চৰকাৰী চিকিৎসালয়ত এতিয়াৰে পৰা ১০০ শতাংশ বিনামূলীয়া ঔষধ উপলব্ধ হ’ব বুলি স্বাস্থ্য মন্ত্রী অশোক সিংহালে প্ৰকাশ কৰিছে। আজি দিছপুৰৰ লোকসেৱা ভৱনত আয়োজিত এখন সংবাদ মেলত মন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ৯৯ শতাংশ চিকিৎলায়ত সম্প্রতি বিনামূলীয়া ঔষধ উপলব্ধ হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে জনসাধাৰণে এই ঔষধ লাভ নকৰিলে ৯৮৬৪৫-৪১৪৩০ নম্বৰত হোৱাটছএপযোগে অভিযোগ দিব পাৰিব। ৰাজ্যৰ ৪ হাজাৰ ৮৭৩টা আয়ুষ্মান আৰোগ্য মন্দিৰত ৩০বিধ অত্যাৱশ্যকীয় ঔষধ মজুত ৰখা হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। এহেজাৰ ১৮খন প্রাথমিক স্বাস্থ্য কেন্দ্ৰত ১২৫ বিধ অত্যাৱশ্যকীয় ঔষধ উপলব্ধ হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তদুপৰি মহকুমা জিলা আৰু সদৰ চিকিৎসা কেন্দ্রসমূহতো অত্যাৱশ্যকীয় ঔষধ মজুত ৰখা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে সংবাদ মেলত উল্লেখ কৰে । চিকিৎসা মহাবিদ্যালয় হাস্পতালসমূহত ৩৫২ বিধ অত্যাৱশ্যকীয় ঔষধ আৰু ৬৯বিধ বিশেষ ঔষধ ৰখা হ’ব। তদুপৰি চিকিৎসকসকলে জেনেৰিক ঔষধহে নিদানপত্ৰত লিখাতো নিশ্চিত কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে। প্ৰতিখন চিকিৎসালয়ৰ ফাৰ্মাচীৰ সন্মুখত ঔষধৰ তালিকা লগোৱা থাকিব বুলিও তেওঁ উল্লেখ কৰে। সংবাদ মেলত মন্ত্ৰীগৰাকীয়ে বিগত কেইমাহ মানত ৰাজ্যত এইছ আই ভি পজিটিভ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰাৰ লগতে এই সমস্যা সমাধানৰ বাবে ব্যাপক সজাগতা সৃষ্টি কৰা হৈছে বুলি উল্লেখ কৰে।
Site Admin | August 26, 2025 8:15 PM | Ashok Singhal Press Meet
চৰকাৰী চিকিৎসালয়ত এতিয়াৰে পৰা ১০০% বিনামূলীয়া ঔষধ উপলব্ধ হ’ব : মন্ত্রী অশোক সিংহাল
