August 26, 2025 8:15 PM

views 21

চৰকাৰী চিকিৎসালয়ত এতিয়াৰে পৰা ১০০% বিনামূলীয়া ঔষধ উপলব্ধ হ’ব : মন্ত্রী অশোক সিংহাল

ৰাজ্যৰ প্ৰতিখন চৰকাৰী চিকিৎসালয়ত এতিয়াৰে পৰা ১০০ শতাংশ বিনামূলীয়া ঔষধ উপলব্ধ হ'ব বুলি স্বাস্থ্য মন্ত্রী অশোক সিংহালে প্ৰকাশ কৰিছে। আজি দিছপুৰৰ লোকসেৱা ভৱনত আয়োজিত এখন সংবাদ মেলত মন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ৯৯ শতাংশ চিকিৎলায়ত সম্প্রতি বিনামূলীয়া ঔষধ উপলব্ধ হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে জনসাধাৰণে এই ঔষধ লাভ নকৰিলে ৯৮৬৪৫-৪১৪৩০ নম্বৰত হোৱাটছএপযোগে অভিযোগ দিব পাৰিব। ৰাজ্যৰ ৪ হাজাৰ ৮৭৩টা আয়ুষ্মান আৰোগ্য মন্দিৰত ৩০বিধ অত্যাৱশ্যকীয় ঔষধ মজুত ৰখা হ'ব বুলিও...