ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

চৰকাৰী কৰ্মচাৰীসকলৰ নতুন পেন্সন আঁচনি ইউনিফাইড পেন্সন আঁচনিত কেন্দ্রীয় কেবিনেটৰ অনুমোদন

কেন্দ্রীয় কেবিনেটে চৰকাৰী কৰ্মচাৰীসকলৰ নিশ্চিত পেন্সন প্ৰদানৰ উদ্দেশ্যে নতুন পেন্সন আঁচনি, একীকৃত পেন্সন আঁচনিত অনুমোদন জনাইছে। কেবিনেট বৈঠকৰ পিছত নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে, এই আঁচনিৰ অধীনত ২৫ বছৰ সেৱা আগবঢ়োৱাৰ পাছত শেষৰ ১২টা মাহৰ দৰমহাৰ ৫০ শতাংশ পেন্সন হিচাপে আগবঢ়োৱা হ’ব। তদুপৰি এই আঁচনিত কৰ্মচাৰীৰ মৃত্যুৰ পাছত পৰিয়ালৰ বাবে ৬০ শতাংশ পেন্সনৰ নিশ্চিতি প্ৰদান কৰা হৈছে। শ্রীবৈষ্ণৱে কয় যে, এই আঁচনিৰ জৰিয়তে প্রায় ২৩ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী উপকৃত হ’ব। এই আঁচনিখন ২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব। শ্রীবৈষ্ণৱে লগতে কয় যে, প্রধানমন্ত্রী নবেন্দ্ৰ মোদীৰ সভাপতিত্বত অনুষ্ঠিত কেবিনেটে অর্থনীতি পৰিৱেশ আৰু নিয়োগ নীতিৰ ক্ষেত্ৰত বায়’ ই-থ্ৰী জৈৱ প্ৰযুক্তিত অনুমোদন জনাইছে। শ্রীবৈষ্ণৱে কয় যে, ইয়াব জৰিয়তে উদ্যমিতা, বিকাশৰ আৰু গৱেষণাৰ ক্ষেত্ৰত উদ্ভাৱনীমূলক দিশত এই আঁচনিয়ে সহায় কৰিব। কেবিনেটে ১০ হাজাৰ ৫৭৯ কোটি টকা নির্ধাৰণেৰে বিজ্ঞান ধাৰা ৩ খন মুখ্য আঁচনি অব্যাহত ৰখাত অনুমোদন জনাইছে।

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী কালি নতুন দিল্লীত কেন্দ্রীয় চৰকাৰৰ কৰ্মচাৰী সংস্থাৰ যুটীয়া মঞ্চ Joint Consultative Machineryৰ এটা প্ৰতিনিধি গোটৰ সৈতে এখন বৈঠকত মিলিত হয়। সংস্থাটোৰ সম্পাদক গোপাল মিশ্ৰই ৩২ লাখ কৰ্মচাৰীৰ প্ৰতিনিধি গোটৰ সৈতে প্ৰধানমন্ত্রী আলোচনা কৰাৰ বাবে তেওঁক ধন্যবাদ জনায় ।