ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 11, 2024 1:37 PM | Hockey | SPORTS

printer

চীনৰ হুলুনবুইৰত অনুষ্ঠিত পুৰুষৰ এছীয় চেম্পিয়নশ্বিপ হকী প্রতিযোগিতাত ভাৰত তৃতীয়খন খেলত মালয়েছিয়াৰ সন্মুখীন হ’ব

যোৱাবাৰৰ চেম্পিয়ন ভাৰত আজি চীনৰ হুলুনবুইৰত অনুষ্ঠিত পুৰুষৰ এছীয় চেম্পিয়নশ্বিপ হকী প্রতিযোগিতাৰ নিজৰ তৃতীয়খন খেলত মালয়েছিয়াৰ সন্মুখীন হ’ব। চাৰিবাৰকৈ খিতাপ দখল কৰা ভাৰতে ইতিপূর্বে আয়োজক দেশ চীনক ৩-০ আৰু জাপানক ৫-১ গ’লত পৰাস্ত কৰিছে। হৰমনপ্রীত সিং নেতৃত্বাধীন ভাৰতীয় দলটো সম্প্রতি ৬ পইণ্টেৰে পইণ্ট তালিকাৰ শীৰ্ষত আছে। ভাৰতৰ সুখজিৎ সিং আৰু কোৰিয়া গণৰাজ্যৰ জিহুন য়াঙে প্রতিযোগিতাত যুটীয়াভাৱে সৰ্বাধিক তিনিটাকৈ গ’ল দিয়ে। প্রতিযোগিতাৰ ৰাউণ্ড ৰবীন পৰ্যায়ৰ শীৰ্ষৰ চাৰিটা দলৰ মাজত ১৬ ছেপ্তেম্বৰত ছেমি ফাইনেল অনুষ্ঠিত হ’ব। ১৭ ছেপ্তেম্বৰত ফাইনেল খেল খেলোৱা হ’ব।