ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

April 16, 2025 8:06 PM | Australia-China

printer

চীনৰ বাবে আমেৰিকালৈ আমদানিকৃত সামগ্ৰীৰ ক্ষেত্ৰত ২৪৫ শতাংশ প্রতিশুল্ক

চীনে আমেৰিকালৈ আমদানিকৃত সামগ্ৰীৰ ক্ষেত্ৰত ২৪৫ শতাংশ প্রতিশুল্কৰ সন্মুখীন হৈছে। প্ৰতিশোধমূলক কাৰ্যৰ ফলস্বৰূপে চীনে এই বর্ধিত প্ৰতিশুল্কৰ সন্মুখীন হ’বলগীয়া হৈছে বুলি হোৱাইট হাউচ কৰ্তৃপক্ষই প্রকাশ কৰিছে। ইপিনে, মার্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে চীনকে ধৰি বিশ্বৰ কেইবাখনো দেশৰ বিৰুদ্ধে আৰোপ কৰা উচ্চ হাৰৰ প্ৰতিশুল্ক সন্দৰ্ভত চীন চৰকাৰে মাৰ্কিন কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰাৰ বাবে আন্তর্জাতিক বাণিজ্য বিষয়ক এগৰাকী মধ্যস্থতাকাৰীক নিযুক্ত কৰিছে। লিচেংগাং নামৰ এই মধ্যস্থতাকাৰীগৰাকীক ২০২০ চনত চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত সম্পাদিত বাণিজ্য চুক্তি মধ্যস্থতাকাৰী ৱাং ছো ৱেনৰ স্থানত নিযুক্ত কৰা হৈছে। উল্লেখযোগ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰই চীনৰ বিৰুদ্ধে ইয়াৰ পূৰ্বে ১৪৫ শতাংশ হাৰৰ ৰপ্তানি শুল্ক আৰোপ কৰিছিল৷ তদুপৰি ৰাষ্ট্ৰপতি ট্রাম্পে আন দেশসমূহৰ বিৰুদ্ধে আৰোপ কৰা প্ৰতিশুল্কৰ কাৰ্যকৰীকৰণ ৯০ দিনলৈ স্থগিত ৰাখিছে যদিও চীনৰ ক্ষেত্ৰত ইয়াক তৎকালে কাৰ্যকৰী কৰাৰ কথা ঘোষণা কৰিছে। চীনে এইবছৰৰ জানুৱাৰী আৰু মাৰ্চ মাহৰ ভিতৰত ইয়াৰ অৰ্থনীতি বিকাশৰ হাৰ ৫ দশমিক ৪ শতাংশ বৃদ্ধি পোৱাৰ কথা ঘোষণা কৰিছিল আৰু অতি শীঘ্ৰে দেশখন বিশ্বৰ দ্বিতীয় বৃহৎ অর্থনীতিত পৰিণত হ’ব বুলি ঘোষণা কৰিছিল। মার্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পৰ সাম্প্ৰতিক প্ৰতিশুল্ক আৰোপৰ ঘোষণাই স্বাভাৱিকতেই চীনৰ অৰ্থনীতিত বিৰূপ প্ৰভাৱ পেলোৱাটো নিশ্চিত হৈ পৰিছে।