ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

চীনৰ গুইঝৌ অঞ্চলত পৰ্যটকৰ ৪খন নাও পানীত বুৰ যোৱাত ৯ গৰাকী লোকৰ মৃত্যু

■ চীন দেশৰ গুইঝৌ অঞ্চলত কালি আকস্মিকভাৱে অহা প্ৰচণ্ড বতাহৰ ফলত পৰ্যটকৰ চাৰিখন নাও পানীত বুৰ যোৱাত ৯ গৰাকী লোকে প্ৰাণ হেৰুৱায়। সামাজিক মাধ্যমত প্রকাশ পোৱা মতে এই দুৰ্ঘটনাত নাওকেইখনত থকা মুঠ ৮৪ গৰাকী যাত্ৰী বুৰ গৈছিল যদিও ইয়াৰে ৭৪ গৰাকী লোকক উদ্ধাৰ কৰা হয়। দুৰ্ঘটনাৰ কৱলত পৰা এজন লোক এতিয়াও সন্ধানহীন হৈ আছে। এই ঘটনাৰ পাছত উদ্ধাৰ আৰু সাহায্য অভিযানত প্রায় ৫০০ গৰাকী লোকক জড়িত কৰোৱা হয়। দেশখনৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰসমূহৰ লগতে বিভিন্ন গুৰুত্বপূৰ্ণ
ৰাজহুৱা স্থানত দুৰ্ঘটনা ক্ৰমাৎ বৃদ্ধি পাবলৈ লোৱাৰ প্ৰতি লক্ষ্য ৰাখি চীন দেশৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে জনসাধাৰণৰ সুৰক্ষাৰ বাবে অধিক ফলপ্রসূ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট কর্তৃপক্ষসমূহক নির্দেশ দিছে।