June 26, 2025 11:05 AM | CBSE Exam

printer

চি বি এছ ইৰ অধীনত দশম শ্ৰেণীৰ পৰীক্ষা বছৰত দুবাৰকৈ অনুষ্ঠিত হ’ব

কেন্দ্রীয় মাধ্যমিক শিক্ষা ব’ৰ্ড অর্থাৎ চি বি এছ ইৰ অধীনত দশম শ্ৰেণীৰ পৰীক্ষা বছৰত দুবাৰকৈ অনুষ্ঠিত হ’ব। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ পৰীক্ষাৰ নিয়ম অনুসৰি চি বি এছ ইয়ে এই নতুন পদ্ধতি সামৰি লৈছে। এই অনুসৰি চি বি এছ ইৰ অধীনৰ দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে অহা বৰ্ষৰ শৈক্ষিক পঞ্জীত দুবাৰকৈ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব। অহা বৰ্ষৰ ফেব্ৰুৱাৰীত হ’বলগীয়া পৰীক্ষাৰ প্ৰথম পৰ্যায়ত সকলো শিক্ষার্থীয়ে অৱতীৰ্ণ হোৱাটো বাধ্যতামূলক। দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা মে’ত অনুষ্ঠিত হ’ব আৰু সেই পৰীক্ষাত পৰীক্ষাৰ্থীসকলে বিজ্ঞান, গণিত, সমাজ বিজ্ঞান আৰু ভাষাৰ ভিতৰত যিকোনো তিনিটা বিষয়ত তেওঁলোকৰ ফলাফল উন্নত কৰাৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব। অৱশ্যে দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা পৰীক্ষাৰ্থীসকলৰ বাবে বাধ্যতামূলক নহয়। দুয়োটা পৰীক্ষাৰ ফলাফল ক্ৰমে এপ্ৰিল আৰু জুনত ঘোষণা কৰা হ’ব বুলি চি বি এছ ইৰ পৰীক্ষা নিয়ন্ত্ৰক সান্যম ভৰদ্বাজে কালি প্ৰকাশ কৰিছে। কেন্দ্ৰীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে চি বি এছ ইৰ এই সিদ্ধান্ত এটা প্রয়োজনীয় পদক্ষেপ বুলি মন্তব্য কৰে। ইয়াৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ মানসিক চাপ হ্ৰাস পাব আৰু আনন্দপূৰ্ণ পৰিৱেশত শিক্ষা গ্ৰহণ কৰিব পাৰিব বুলিও শ্রীপ্রধানে প্ৰকাশ কৰে।