June 26, 2025 11:05 AM

views 21

চি বি এছ ইৰ অধীনত দশম শ্ৰেণীৰ পৰীক্ষা বছৰত দুবাৰকৈ অনুষ্ঠিত হ’ব

কেন্দ্রীয় মাধ্যমিক শিক্ষা ব'ৰ্ড অর্থাৎ চি বি এছ ইৰ অধীনত দশম শ্ৰেণীৰ পৰীক্ষা বছৰত দুবাৰকৈ অনুষ্ঠিত হ'ব। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ পৰীক্ষাৰ নিয়ম অনুসৰি চি বি এছ ইয়ে এই নতুন পদ্ধতি সামৰি লৈছে। এই অনুসৰি চি বি এছ ইৰ অধীনৰ দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে অহা বৰ্ষৰ শৈক্ষিক পঞ্জীত দুবাৰকৈ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব। অহা বৰ্ষৰ ফেব্ৰুৱাৰীত হ'বলগীয়া পৰীক্ষাৰ প্ৰথম পৰ্যায়ত সকলো শিক্ষার্থীয়ে অৱতীৰ্ণ হোৱাটো বাধ্যতামূলক। দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা মে'ত অনুষ্ঠিত হ'ব আৰু সেই পৰীক্ষাত পৰীক্ষাৰ্...