মকৰ সংক্ৰান্তিৰ সৈতে সংগতি ৰাখি পালন কৰা চাহ জনগোষ্ঠীসকলৰ অন্যতম প্রধান উৎসৱ টুচু পূজাৰ আজি সামৰণি পৰে। পুহ মাহত আৰম্ভ হোৱা বাবে এই উৎসৱক পৌৰ পৰব বুলিও জনা যায়। শস্যৰ দেৱী টুচুৰ আৰাধনাৰে ডিব্ৰুগড় জিলাৰ চাহ জনগোষ্ঠীৰ লোকসকলে আজি টুচু পূজা পালন কৰে। যোৰহাট জিলাৰ চেনিমৰা, সৰুচৰাই, দকলঙীয়াৰ দৰে বাগানসমূহতো উলহ-মালহেৰে এই পূজা অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে, কোনো ক্ষেত্ৰত শিৱৰ জীয়েক, মনসাৰ ভনীয়েক, কালী, দুর্গা, সীতাৰ দৰে শক্তিৰ ৰূপত কল্পনা কৰা টুচু পূজাত প্ৰধানত মহিলাসকলে অংশগ্রহণ কৰে। অৱশ্যে পূজাৰ লগত সংগতি থকা ৰং ৰহইচত পুৰুষেও অংশগ্ৰহণ কৰিব পাৰে। এই পূজা দুভাগত, ঘৰ আৰু নদীৰ পাৰত অনুষ্ঠিত কৰা হয়।
Site Admin | January 14, 2026 9:30 PM | Tea Tribe
চাহ জনগোষ্ঠীসকলৰ অন্যতম প্রধান উৎসৱ টুচু পূজাৰ সামৰণি