চণ্ডীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেও ছাইয়ে ৰাজ্যখনৰ পৰা নক্সালবাদ সমাপ্ত হোৱাৰ পথত অগ্ৰসৰ হৈছে বুলি প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁ দুবছৰৰ কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ সময়ত সাংবাদিকৰ আগত এই কথা উল্লেখ কৰি কয়, যে সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত এতিয়ালৈকে ৫০৫ জন মাওবাদী নিহত হোৱাৰ বিপৰীতে দুহেজাৰ ৩৮৬ জন মাওবাদীয়ে আত্মসমৰ্পণ কৰাৰ লগতে এহেজাৰ ৯০১ জন গ্রেপ্তাৰ হৈছে। শ্ৰীছাইয়ে উল্লেখ কৰে যে ৰাজ্যখনৰ মাওবাদী অধ্যুষিত অঞ্চলসমূহত ৬৯টা সুৰক্ষা শিবিৰ স্থাপন কৰা হৈছে আৰু চত্তীশগড় চৰকাৰৰ পুনবাস যোজনাৰ অধীনত মাওবাদীসকলক সমাজৰ মূল সুঁতিলৈ উভতি অহাৰ বাবে উৎসাহিত কৰি অহা হৈছে। তেওঁ কয়, যে আত্মসমৰ্পণকাৰী মাওবাদীসকলক পুনৰ সংস্থাপনৰ বাবে ৩ বছৰলৈ মাহিলী ১০ হাজাৰ টকাকৈ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। শ্রীছাইয়ে লগতে কয়, যে বিগত দুটা বছৰত মাওবাদী সমস্যাৰ ক্ষেত্ৰত চৰকাৰখনে বিশেষ সফলতা অৰ্জন কৰাৰ লগতে সংঘৰ্ষৰ ফলত বন্ধ হৈ হোৱা বহুসংখ্যক বিদ্যালয়, চিকিৎসালয় আদি পুনৰ আৰম্ভ কৰা হৈছে। তদুপৰি চাৰিশৰো অধিক গাঁৱত পথ, স্বাস্থ্যকেন্দ্র, মোবাইল টাৱাৰ, ৰেচন দোকান আদিৰ সুবিধা প্ৰদান কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
Site Admin | December 13, 2025 12:06 PM | Maoist Related News
চণ্ডীশগড়ৰ পৰা নক্সালবাদ সমাপ্ত হোৱাৰ পথত অগ্ৰসৰ হৈছে : মুখ্যমন্ত্ৰী বিষ্ণু দেও ছাই