● ঘন কুঁৱলীৰ বাবে আজি পুৱাৰ ভাগত মাজুলীলৈ ফেৰী চলাচল ব্যাহত হয়। যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আভ্যন্তৰীণ জল পৰিবহণ বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হয়। বতৰ মুকলি হোৱাৰ লগে লগে এই সেৱা মুকলি কৰা হ’ব পাৰে বুলি আমাৰ সংবাদদাতাই জনাইছে। আজি পুৱাৰ ভাগত মাজুলী অফলামুখৰ ফেৰী যাতায়াত বন্ধ ৰখা হয় বুলি বিভাগীয় সূত্ৰই প্ৰকাশ কৰে। অৱশ্যে শেহতীয়া বাতৰি অনুসৰি এই সেৱা পুনৰ আৰম্ভ কৰা হয়।
একেদৰে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ফেৰী সেৱাও কিছু সময়ৰ বাবে বন্ধ ৰাখিবলগীয়া হৈছিল যদিও কুঁৱলী আঁতৰি যোৱাৰ লগে লগে পুনৰ ফেৰী সেৱা আৰম্ভ কৰা হয় বুলি আমাৰ সংবাদদাতাই জনাইছে।