ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

May 19, 2024 8:56 PM | NFR

printer

গ্ৰীষ্মকালত যাত্ৰীৰ অতিৰিক্ত ভীৰ নিয়ন্ত্ৰণৰ বাবে উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ বিশেষ ৰেলৰ ব্যৱস্থা

উত্তৰ পূৱ সীমান্ত ৰেলৱে গ্ৰীষ্মকালত যাত্ৰীৰ অতিৰিক্ত ভীৰ নিয়ন্ত্ৰণৰ বাবে কেইখনমান ৰেলৰ চলাচল নাইবা যাত্ৰাৰ সময় বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। এই অনুসৰি গুৱাহাটীৰ পৰা বেংগালুৰু অভিমুখী প্ৰতি বুধবাৰে পুৱা ৬ বজাত গুৱাহাটীৰ পৰা যাত্ৰা কৰি শুকুৰবাৰে দিনৰ ১০ বজাত বেংগালুৰুত উপস্থিত হোৱা বিশেষ ৰেলখন ২৯ মে’ৰ পৰা ১২ জুন পর্যন্ত চলাচলৰ বাবে সম্প্ৰসাৰিত কৰা হৈছে। ওভতনি যাত্ৰাত ৰেলখনে প্রতি দেওবাৰে ১২-৩০ বজাত বেংগালুৰুৰ পৰা যাত্ৰা কৰি পুৱা ৫-৩০ বজাত গুৱাহাটীত উপস্থিত হোৱা এই বিশেষ ৰেলখন ২৬ মে’ৰ পৰা ৯ জুন পর্যন্ত চলাচলৰ বাবে সম্প্ৰসাৰিত কৰা হ’ব। একেদৰে মায়াচ’ৰ মুজফ্ফৰপুৰ সংযোগী ৰেলখন মায়চ’ৰৰ পৰা প্ৰতি সোমবাৰে দিনৰ ১০.৩০ বজাত যাত্ৰা আৰম্ভ কৰি বুধবাৰে দিনৰ ১-৩০ বজাত মুজফ্ফৰপুৰত উপস্থিত হৈছিল যদিও এই ৰেলখন ১০ জুন পর্যন্ত চলাচলৰ বাবে সম্প্ৰসাৰণ কৰা হৈছে। ওভতনি যাত্ৰাৰ দিশত এই ৰেলখন প্রতি বৃহস্পতিবাৰে দিনৰ এখ বজাত মুজফ্ফৰপুৰৰ পৰা যাত্ৰা আৰম্ভ কৰি শনিবাৰে বিয়লি ৪ বাজি ৪০ মিনিটত মায়চ’ৰত উপস্থিত হৈছিল। এই ৰেলখন ১৩ জুন পর্যন্ত চলাচলৰ বাবে সম্প্ৰসাৰণ কৰা হৈছে।