June 29, 2025 12:21 PM

views 31

উত্তৰ-পূব সীমান্ত ৰে’লৱেই আজি বদৰপুৰ-লামডিং অংশৰ জাতিংগা-লামপুৰ ষ্টেচনৰ মাজেৰে কেইবাখনো ৰে’ল চলাচলৰ পৰিকল্পনা

উত্তৰ-পূব সীমান্ত ৰে'লৱেই আজি বদৰপুৰ-লামডিং অংশৰ জাতিংগা-লামপুৰ ষ্টেচনৰ মাজেৰে কেইবাখনো ৰে'ল চলাচল কৰোৱাৰ পৰিকল্পনা কৰিছে। প্ৰথম অৱস্থাত মালবাহী ৰে'ল চলাই ট্ৰেকৰ সবিশেষ পৰীক্ষা কৰি উঠাৰ পাছত যাত্ৰীবাহী ৰে'ল চলোৱা হ'ব। উল্লেখযোগ্য যে এই অঞ্চলটোত ভূমিস্খনৰ ফলত জমা শিল, মাটি আঁতৰোৱাৰ কাম সম্পূৰ্ণ কৰাৰ পাছত উত্তৰ-পূব সীমান্ত ৰে'লৱেই ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিবলৈ দিছে। ছদিনৰ বিৰতিৰ মূৰত এই পাহাৰীয়া লাইনটো পুনৰ কাৰ্যক্ষম হৈ উঠাৰ ফলত কালি পুৱা শিয়ালদহৰ পৰা শিলচৰ-কাঞ্চনজংঘা এক্সপ্ৰেছ ৰাওনা হৈছে আৰ...

March 2, 2025 12:15 PM

views 62

কোকৰাঝাৰৰ পৰা ভূটানৰ গেলেফুলৈ নিৰ্মাণ কৰিবলগীয়া ৰে’ল পথৰ চূড়ান্ত জৰীপ সম্পূৰ্ণ

কোকৰাঝাৰৰ পৰা ভূটানৰ গেলেফুলৈ নিৰ্মাণ কৰিবলগীয়া ৰে'ল পথৰ চূড়ান্ত জৰীপৰ কাম সম্পূৰ্ণ হৈছে আৰু ইয়াৰ বিশদ প্ৰকল্প প্রতিবেদন দাখিল কৰা হৈছে। এতিয়া নিবিদা প্ৰক্ৰিয়াৰ জৰিয়তে ৰে'ল পথছোৱা নিৰ্মাণৰ কাম আৰম্ভ কৰা হ'ব। উত্তৰ-পূব সীমান্ত ৰে'লৱেই কালি এটা বিবৃতি যোগে এই কথা প্ৰকাশ কৰে। ৰে'ল বিভাগে প্ৰকাশ কৰা মতে ৬৯.৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰে'ল পথছোৱাৰ নিৰ্মাণ কাৰ্যত প্রায় তিনি হাজাৰ ৫০০ কোটি টকা ব্যয় হ'ব। ৰে'ল পথছোৱাত কোকৰাঝাৰৰ বাহিৰে বালাজান, গৰুভাষা, কণিখাটা, শান্তিপুৰ, দাদগিবি আৰু গেলেফু ষ্টেচন থা...

October 31, 2024 7:21 PM

views 24

উৎসৱ উপলক্ষে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অতিৰিক্ত ৮ খন বিশেষ ৰে’ল চলাচলৰ ব্যৱস্থা

উত্তৰ-পূব সীমান্ত ৰে'লৱেই উৎসৱ উপলক্ষে জনসাধাৰণৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি অতিৰিক্ত ৮ খন বিশেষ ৰে'ল চলাচলৰ ব্যৱস্থা কৰিছে। উৎসৱৰ সময়ছোৱাত যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি অতিৰিক্ত ৮ খন ৰে'লৰ ব্যৱস্থা কৰা হৈছে বুলি মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই জানিবলৈ দিয়ে। নিউ জলপাইগুৰিৰ পৰা গোমতীনগৰ, ৰাঁচিৰ পৰা পুৰ্ণীয়া কৰ্ট, কাটিহাৰৰ পৰা গোমতীনগৰ, টাটানগৰ জংছনৰ পৰা কাটিহাৰ, গুৱাহাটীৰ পৰা গোমতীনগৰ, চণ্ডিগড়ৰ পৰা কাটিহাৰ, আগৰতলাৰ পৰা ধৰ্মানগৰ আৰু আগৰতলাৰ পৰা ছাৰুমলৈ বিশেষ ৰে'লৰ ব্যৱস্থা ক...

September 8, 2024 11:35 AM

views 36

২০২৮ চনৰ ভিতৰত  উত্তৰ-পূৰ্বাঞ্চলত ৰে’ল যাতায়াত সুচল হৈ উঠিব বুলি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাৰ প্ৰকাশ

অসমত ৰে'লপথ বৈদ্যুতিকীকৰণৰ কাম ৬৫ শতাংশ সম্পূৰ্ণ হৈছে আৰু অহা বছৰৰ ভিতৰত নিৰ্ধাৰিত লক্ষ্য অনুসৰি ১০০ শতাংশই সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। কালি আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই এই বিষয়ে প্রকাশ কৰে। তেওঁ কয় যে ৰে’লপথ বৈদ্যুতিকীকৰণৰ ফলত ইন্ধন ৰাহি হোৱাৰ লগতে ৰে’ল যাত্ৰা দ্রুত হৈ উঠিব। বৈদ্যুতিক ইঞ্জিনৰ কাৰ্যক্ষমতা অধিক হোৱাৰ ফলত ৰে’লযাত্ৰা সুচল হোৱাৰ উপৰি বিত্তীয় ক্ষেত্ৰতো বাহি হ'ব বুলি তেওঁ কয়। একেদৰে ৰাজ্যখনৰ বিভি...

June 2, 2024 1:25 PM

views 37

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ লামডিং সংমণ্ডলৰ অধীনস্থ কেইবাখনো ৰে’লৰ চলাচল বাতিল

ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ লামডিং সংমণ্ডলৰ অধীনস্থ কেইবাখনো ৰে'ল চলাচল বাতিল কৰা হৈছে। উত্তৰ-পূব সীমান্ত ৰে'লৱেই নিউ হাফলং-চন্দ্ৰনাথপুৰৰ মাজৰ ৰে'ল পথৰ ক্ষতিসাধন আৰু শিলচৰ ষ্টেচনত পানী জমা হোৱাৰ বাবে পথচোৱাৰে চলাচল কৰা কেইবাখনো ৰে'লগাড়ীৰ যাত্রা বাতিল কৰিছে। আজি আৰু কাইলৈ শিলচৰ-গুৱাহাটী ৰে'ল, গুৱাহাটী-শিলচৰ ৰে'ল, শিলচৰ-জিৰিবাম ছিৰিবা ৰে'ল, জিৰিবাম ছিৰিবা-শিলচৰ ৰে'ল, শিলচৰ-মণিপুৰ ভৈৰৱী ৰে'ল, দুৰ্লভচাৰ-শিলচৰ ৰে'ল আৰু দুর্লভচাৰ-গুৱাহাটী ৰে'লকে ধৰি মুঠ ৮খন ...

May 19, 2024 8:56 PM

views 24

গ্ৰীষ্মকালত যাত্ৰীৰ অতিৰিক্ত ভীৰ নিয়ন্ত্ৰণৰ বাবে উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ বিশেষ ৰেলৰ ব্যৱস্থা

উত্তৰ পূৱ সীমান্ত ৰেলৱে গ্ৰীষ্মকালত যাত্ৰীৰ অতিৰিক্ত ভীৰ নিয়ন্ত্ৰণৰ বাবে কেইখনমান ৰেলৰ চলাচল নাইবা যাত্ৰাৰ সময় বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। এই অনুসৰি গুৱাহাটীৰ পৰা বেংগালুৰু অভিমুখী প্ৰতি বুধবাৰে পুৱা ৬ বজাত গুৱাহাটীৰ পৰা যাত্ৰা কৰি শুকুৰবাৰে দিনৰ ১০ বজাত বেংগালুৰুত উপস্থিত হোৱা বিশেষ ৰেলখন ২৯ মে'ৰ পৰা ১২ জুন পর্যন্ত চলাচলৰ বাবে সম্প্ৰসাৰিত কৰা হৈছে। ওভতনি যাত্ৰাত ৰেলখনে প্রতি দেওবাৰে ১২-৩০ বজাত বেংগালুৰুৰ পৰা যাত্ৰা কৰি পুৱা ৫-৩০ বজাত গুৱাহাটীত উপস্থিত হোৱা এই বিশেষ ৰেলখন ২৬ মে'ৰ পৰা ৯ জুন পর্...