February 19, 2025 8:28 PM | Central Govt.

printer

গ্ৰামীন স্থানীয় নিকায়সমূহৰ বাবে পঞ্চদশ বিত্ত আয়োগৰ অনুদান মুকলি কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে আজি ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে বিহাৰ, হাৰিয়ানা আৰু চিকিমৰ গ্ৰামীন স্থানীয় নিকায়সমূহৰ বাবে পঞ্চদশ বিত্ত আয়োগৰ অনুদান মোকলাই দিছে। বিহাৰে সংযুক্ত অনুদানৰ দ্বিতীয় কিস্তি হিচাপে ৮২১ কোটি টকাৰো অধিক পুঁজিৰ লগতে প্ৰথম কিস্তিৰ স্থগিত ৰখা প্রায় ৪৮ কোটি টকা লাভ কৰিছে । এই পুঁজি, ৩৮ খন জিলা পঞ্চায়ত, ৫৩০ খন খাদ্য খণ্ড পঞ্চায়ত আৰু আঠ হেজাৰতকৈও অধিক গাওঁ পঞ্চায়তৰ বাবে ব্যয় কৰা হ’ব ।

হাৰিয়ানাৰ স্থানীয় নিকায়সমূহৰ বাবে দ্বিতীয় কিস্তি হিচাপে ২০২ কোটিতকৈ অধিক টকা আৰু প্ৰথম কিস্তিৰ স্থগিত ৰখা ৭ কোটি ৫০ লাখতকৈ অধিক টকা লাভ কৰিছে। পঞ্চায়তীৰাজ মন্ত্ৰালয়ে এখন বিবৃতিযোগে প্ৰকাশ কৰা অনুসৰি এই পুঁজিসমূহ ১৮ খন জিলা পঞ্চায়ত, ১৪২ খন খণ্ড পঞ্চায়ত আৰু প্ৰায় ছহেজাৰ দুশখন গাওঁ পঞ্চায়তৰ বাবে মোকলাই দিয়া হৈছে। একেদৰে চিকিমে দ্বিতীয় কিস্তি হিচাপে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে ৬ কোটিতকৈ অধিক ধন লাভ কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।