গ্রামীণ নিয়োগ নিশ্চিতকৰণ আৰু জীৱিকা অভিযান বিধেয়ক সন্দর্ভত আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাতত আলোচনা

সংসদত গৃহীত বিকশিত ভাৰত G RAM G অর্থাৎ গ্রামীণ নিয়োগ নিশ্চিতকৰণ আৰু জীৱিকা অভিযান বিধেয়ক সন্দর্ভত আজি আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত এটা আলোচনা প্ৰচাৰ কৰা হয়। আলোচনাত অংশ লৈ অর্থনীতিবিদ তথা অসম ৰাজ্যিক বিজেপিৰ মুখপাত্র ড০ দেবজিত মহন্ত আৰু জ্যেষ্ঠ সাংবাদিক নৰেশ কলিতাই ৰাজনৈতিক মত বিৰোধলৈ নগৈ এই আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত সকলো ৰাজনৈতিক দল, প্রশাসন আৰু ৰাইজক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। ড০ মহন্তই কয়, যে এই বিধেয়কখনে পূৰ্বৰ এম জি এনৰেগা আঁচনিৰ ঠাইত জনসাধাৰণক ১২৫ দিনৰ নিশ্চিত কর্মসংস্থাপন প্ৰদান কৰাৰ ব্যৱস্থা কৰিব। পূৰ্বৰ আঁচনিৰ সময়ত সংঘটিত অনিয়ম দূৰ কৰাৰ বাবে তৃণমূল পর্যায়ৰ পৰা প্ৰযুক্তিৰ সহায়ত স্বচ্ছতা ৰক্ষাৰ বাবে ব্যৱস্থা লোৱা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।

অনুষ্ঠানত সাংবাদিক শ্রীকলিতাই কৃষক আৰু শ্রমিকসকল এই আঁচনিখনৰ দ্বাৰা উপকৃত হব পৰাকৈ স্থানীয় প্রশাসন, বিশেষকৈ পঞ্চায়তসমূহক অগ্রণী ভূমিকা গ্রহণ কৰিবলৈ আহ্বান জনায়।

উল্লেখযোগ্য যে এই বিধেয়কখন দুয়োখন সদনে ১৮ ডিচেম্বৰত গৃহীত কৰে। এই বিধেয়কখনৰ জৰিয়তে চৰকাৰে ২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ ৰাষ্ট্ৰীয় দৃষ্টিভংগী অনুযায়ী গ্রাম্য উন্নয়ন পৰিকাঠামো গঢ়ি তুলিব বিচৰা হৈছে। এই বিধেয়কখনৰ অধীনত প্রত্যেক বিত্তীয় বৰ্ষত দক্ষতাৰ প্ৰয়োজন নোহোৱা কাম কৰিব খোজা গ্রামাঞ্চলৰ প্ৰতিটো পৰিয়ালক ১২৫ দিনৰ কৰ্ম সংস্থাপনৰ বিধি সন্মত নিশ্চয়তা প্রদান কৰা হ’ব। এই আঁচনিৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৬০ আৰু ৰাজ্য চৰকাৰে ৪০ শতাংশ ধন যোগান ধৰিব। অৱশ্যে উত্তৰ-পূৰ্বাঞ্চল আৰু হিমালয়ৰ পাদদেশৰ ৰাজ্যসমূহৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে ৯০ শতাংশ আৰু ৰাজ্য চৰকাৰে ১০ শতাংশ ধন যোগান ধৰিব। ইয়াৰ উপৰি ৰাজ্য চৰকাৰসমূহে নিবনুৱা ভাট্টা আৰু ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থাও অব্যাহত ৰাখিব।