গোৱালপাৰা জিলাৰ ৰামপুৰৰ বাদুংদুপ্পা কলাকেন্দ্ৰৰ বাকৰিত আজি দিনজোৰা কাৰ্যসূচীৰে চলিত বছৰৰ ‘আণ্ডাৰ দা শাল ট্রী’ নাট সমাৰোহ অনুষ্ঠিত হয়। প্রয়াত নাট্যকর্মী শুক্রাচাৰ্য ৰাভাই প্ৰতিষ্ঠা কৰা বাদুংদুপ্পা কলাকেন্দ্ৰৰ উদ্যোগত সম্পূর্ণ অভিনৱ শৈলীৰে প্ৰতিবছৰে শাল গছৰ তলত সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশৰ মাজত এই সমাৰোহ অনুষ্ঠিত হয়। কৃত্রিম দৃশ্যসজ্জা, আলোকসজ্জা, আধুনিক বাদ্যযন্ত্ৰৰ অবিহনে পৰম্পৰাগত বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰি এই নাট সমাৰোহ অনুষ্ঠিত হয়। বিগত ১৬ বছৰ ধৰি ৰামপুৰ গাঁৱৰ সংৰক্ষিত বনাঞ্চলত শ শ শালগছৰ মাজৰ এডোখৰ ভূমিক মঞ্চ ৰূপ দি দিনৰ ভাগত নাট মঞ্চস্থ কৰি অহা হৈছে। এই নাট সমাৰোহৰ জৰিয়তে থলুৱা লোকনাট্য সংস্কৃতিক ব্যতিক্রমীভাৱে জীয়াই ৰখাৰ প্ৰয়াস কৰা হৈছে। সমাৰোহত আজি দিনৰ ১০ বজাত ধনঞ্জয় ৰাভা পৰিচালিত ৰাভা ভাষাৰ নাট ‘ৰঞ্জুমুখ’ মঞ্চস্থ কৰা হয়। দিনৰ আঢ়ৈ বজাত ছেমুৱেল বেকেটৰ মূল নাট ৱেইটিং ফৰ গডোৰ হিল্লোল কুমাৰ পাঠকে কৰা অসমীয়া অভিযোজনা আৰু অংশুমান শইকীয়াৰ পৰিচালনাৰে ‘এদিন তেওঁ আহিব’ নাটখন পৰিবেশন কৰা হয়। বিয়লি চাৰে ৫ বজাত অনুপ হাজৰিকাৰ পৰিচালনাৰে ‘দেৰ ইঞ্চ উপৰ’ নামৰ হিন্দী ভাষাৰ নাটখন মঞ্চস্থ কৰা হ’ব। উল্লেখযোগ্য যে প্ৰতি বছৰে এই ব্যতিক্ৰমী নাট সমাৰোহ উপভোগ কৰিবলৈ দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ লোকৰ সমাগম হয়।
Site Admin | December 15, 2025 6:27 PM | BadungDuppa
গোৱালপাৰাৰ বাদুংদুপ্পা কলাকেন্দ্ৰৰ বাকৰিত দিনজোৰা কাৰ্যসূচীৰে ‘আণ্ডাৰ দা শাল ট্রী’ নাট সমাৰোহ