ডাউনলোড
মোবাইল এপ

android apple
signal

July 13, 2025 12:34 PM | eviction goalpara

printer

গোৱালপাৰাৰ কৃষ্ণাইৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ অধীনৰ ১,০৩৮ বিঘা ভূমি দখলমুক্ত; ১,০৮০টা পৰিয়ালক উচ্ছেদ

গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ অধীনৰ বিদ্যাপাৰা, আশুডুবি আৰু বেতবাৰীত কালি বন বিভাগ আৰু প্ৰশাসনে অভিযান চলাই এহেজাৰ ৩৮ বিঘা ভূমি দখলমুক্ত কৰে আৰু এহেজাৰ ৮০টা পৰিয়ালক উচ্ছেদ কৰে। ২০২৪ চনৰ নৱেম্বৰ-ডিচেম্বৰত পৰিয়ালকেইটাক সেই ঠাই খালী কৰাৰ কাৰণে জাননী জাৰি কৰা হৈছিল। জাননী পোৱাৰ পাছত ৮০ শতাংশ পৰিয়ালে নিজে নিজে সেই ঠাই ত্যাগ কৰিছিল যদিও বাকী পৰিয়ালসমূহক কালি উচ্ছেদ কৰা হয়। উচ্ছেদ অভিযানৰ সময়ত যাতে কোনো ধৰণৰ বিশৃংখল পৰিস্থিতিৰ উদ্ভৱ নহয়, তাৰ বাবে অঞ্চলটোত ভালেসংখ্যক আৰক্ষী আৰু বনকৰ্মী নিয়োগ কৰা হৈছে। উচ্ছেদৰ সময়ত বিধায়ক ৰফিকুল ইছলামৰ নেতৃত্বত এ আই ইউ ডি এফৰ বিধায়কৰ এটা আঠজনীয়া দল উচ্ছেদস্থলীত প্ৰৱেশৰ চেষ্টা চলায় যদিও আৰক্ষীয়ে তেওঁলোকক বাধা দিয়ে। ইয়াৰ পাছত বিধায়ককেইগৰাকীয়ে উচ্ছেদস্থলীৰ প্ৰৱেশ পথত প্ৰতিবাদ সাব্যস্ত কৰে। ৰাইজৰ দল আৰু আম আদমী পাৰ্টীয়েও উচ্ছেদৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰে। উচ্ছেদ অভিযান সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ থকা দিশসমূহ বিবেচনা কৰিহে উচ্ছেদ অভিযানৰ বাবে ৰাজ্য চৰকাৰে আগবাঢ়িছে। এই ক্ষেত্ৰত ৰাজনীতি কৰিবলৈ বিচৰাসকলৰ কথাক মান্যতা প্ৰদানৰ বিষয়টো অপ্ৰাসংগিক বুলি তেওঁ মত প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক