July 13, 2025 12:34 PM

views 11

গোৱালপাৰাৰ কৃষ্ণাইৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ অধীনৰ ১,০৩৮ বিঘা ভূমি দখলমুক্ত; ১,০৮০টা পৰিয়ালক উচ্ছেদ

গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ অধীনৰ বিদ্যাপাৰা, আশুডুবি আৰু বেতবাৰীত কালি বন বিভাগ আৰু প্ৰশাসনে অভিযান চলাই এহেজাৰ ৩৮ বিঘা ভূমি দখলমুক্ত কৰে আৰু এহেজাৰ ৮০টা পৰিয়ালক উচ্ছেদ কৰে। ২০২৪ চনৰ নৱেম্বৰ-ডিচেম্বৰত পৰিয়ালকেইটাক সেই ঠাই খালী কৰাৰ কাৰণে জাননী জাৰি কৰা হৈছিল। জাননী পোৱাৰ পাছত ৮০ শতাংশ পৰিয়ালে নিজে নিজে সেই ঠাই ত্যাগ কৰিছিল যদিও বাকী পৰিয়ালসমূহক কালি উচ্ছেদ কৰা হয়। উচ্ছেদ অভিযানৰ সময়ত যাতে কোনো ধৰণৰ বিশৃংখল পৰিস্থিতিৰ উদ্ভৱ নহয়, তাৰ বাবে অঞ্চলটোত ভালেসংখ্যক আৰক্ষী আৰ...