বন বিভাগে কালি গোলাঘাট জিলাৰ মেৰাপানীৰ ২ নম্বৰ নেঘেৰিবিল গাঁৱত বাস কৰা দখলকাৰীসকলক সাত দিনৰ ভিতৰত গাঁও এৰিবলৈ জাননী জাৰি কৰে। গোলাঘাট সংমণ্ডলৰ বন বিষয়াই জাৰি কৰা এই জাননীত এই লোকসকলে জামুগুৰি আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত দৈয়াং সংৰক্ষিত বনাঞ্চল এলেকাত অবৈধভাৱে প্ৰৱেশ কৰি বনাঞ্চল ধ্বংস কৰি গৃহ নিৰ্মাণৰ লগতে বনভূমিক কৃষিভূমিলৈ ৰূপান্তৰ কৰিছে বুলি কোৱা হৈছে। সংৰক্ষিত বনাঞ্চলত অনুমতি নোহোৱাকৈ বসবাস কৰাৰ বাবে তেওঁলোকক শীঘ্ৰেই এই বনভূমি খালী কৰি দিবলৈ নিৰ্দেশ দিয়া হৈছে। আমাৰ গোলাঘাটৰ সংবাদদাতাই জনোৱা মতে এই জাননী দিয়াৰ সময়ত বহুসংখ্যক লোক ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে। বন বিভাগৰ এই জাননী পক্ষপাতিত্বমূলক বুলি অভিযোগ কৰি জাননী লাভ কৰা লোকসকলে উচ্ছেদৰ জাননী ফালি পেলাই বুলিও আমাৰ সংবাদদাতাই জনাইছে। উৰিয়ামঘাট অঞ্চলত বাস কৰা সন্দেহযুক্ত নাগৰিকক উচ্ছেদৰ বাবেও বনবিভাগে ইতিমধ্যে জাননী জাৰি কৰিছে। বন বিভাগৰ জাননী লাভ কৰাৰ পাছতে কেইবাশ দখলকাৰীয়ে উৰিয়ামঘাটৰ পৰা অন্য ঠাইলৈ ৰাওনা হৈছে। বন বিভাগৰ জাননী অনুসৰি অহা ২৭ জুলাইৰ পৰা সেই স্থানত উচ্ছেদ চলোৱা হ’ব।
Site Admin | July 25, 2025 12:15 PM | negheriting eviction notice
গোলাঘাটৰ মেৰাপানীৰ ২ নম্বৰ নেঘেৰিবিল গাঁৱত বাস কৰা দখলকাৰীসকলক সাত দিনৰ ভিতৰত গাঁও এৰিবলৈ বন বিভাগৰ জাননী
