July 25, 2025 12:15 PM

views 19

গোলাঘাটৰ মেৰাপানীৰ ২ নম্বৰ নেঘেৰিবিল গাঁৱত বাস কৰা দখলকাৰীসকলক সাত দিনৰ ভিতৰত গাঁও এৰিবলৈ বন বিভাগৰ জাননী

বন বিভাগে কালি গোলাঘাট জিলাৰ মেৰাপানীৰ ২ নম্বৰ নেঘেৰিবিল গাঁৱত বাস কৰা দখলকাৰীসকলক সাত দিনৰ ভিতৰত গাঁও এৰিবলৈ জাননী জাৰি কৰে। গোলাঘাট সংমণ্ডলৰ বন বিষয়াই জাৰি কৰা এই জাননীত এই লোকসকলে জামুগুৰি আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত দৈয়াং সংৰক্ষিত বনাঞ্চল এলেকাত অবৈধভাৱে প্ৰৱেশ কৰি বনাঞ্চল ধ্বংস কৰি গৃহ নিৰ্মাণৰ লগতে বনভূমিক কৃষিভূমিলৈ ৰূপান্তৰ কৰিছে বুলি কোৱা হৈছে। সংৰক্ষিত বনাঞ্চলত অনুমতি নোহোৱাকৈ বসবাস কৰাৰ বাবে তেওঁলোকক শীঘ্ৰেই এই বনভূমি খালী কৰি দিবলৈ নিৰ্দেশ দিয়া হৈছে। আমাৰ গোলাঘাটৰ সংবাদদাতাই জন...