গোলাঘাট জিলাৰ বোকাখাতৰ পাণবাৰী চি আৰ পি এফ শিবিৰত মঙলবাৰে নিশা সংঘটিত গ্ৰেণেড বিস্ফোৰণৰ ঘটনা সংক্রান্তত আৰক্ষীয়ে দুজন যুৱকক আটক কৰিছে। এই ঘটনাত ব্যৱহৃত মটৰ চাইকেলখন চিনাক্ত কৰি আৰক্ষীয়ে মটৰ চাইকেলৰ গৰাকীক আটক কৰি জেৰা অব্যাহত ৰাখিছে। ইপিনে, গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে প্ৰাৰম্ভিক তদন্তত এই ঘটনাৰ সৈতে গঁড়ৰ চোৰাং চিকাৰী অথবা মাদক দ্রব্য সৰবৰাহকাৰী জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে পাণবাৰীৰ চি আৰ পি এফৰ শিবিৰলৈ লক্ষ্য কৰি দুৰ্বৃত্তই দলিয়াই থৈ যোৱা গ্ৰেণেড বিস্ফোৰণত অসম আৰক্ষীৰ তিনিজন জোৱান গুৰুতৰভাৱে আহত হয়। আহত জোৱানকেইগৰাকী বর্তমান বর্তমান বিপদমুক্ত বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।
Site Admin | June 26, 2025 11:21 AM | Arrest
গোলাঘাটৰ গ্ৰেণেড বিস্ফোৰণৰ ঘটনা সন্দৰ্ভত দুজন যুৱকক আটক