ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

গৃহ যুদ্ধত জৰ্জৰিত ছিৰিয়াত সশস্ত্ৰ বিৰোধী বাহিনীয়ে দেশখনৰ দ্বিতীয় বৃহৎ মহানগৰ এলেপ্প অধিকাৰ কৰিছে

গৃহ যুদ্ধত জৰ্জৰিত ছিৰিয়াত সশস্ত্ৰ বিৰোধী বাহিনীয়ে দেশখনৰ দ্বিতীয় বৃহৎ মহানগৰ এলেপ্প অধিকাৰ কৰিছে। দেশখনৰ উত্তৰ পশ্চিম অংশত বিৰোধী বাহিনীয়ে সশস্ত্র বিদ্রোহ আৰম্ভ কৰাৰ কেইদিনমানৰ পাছতে মহানগৰখনত অধিকাৰ সাব্যস্ত কৰে। ইছলামিক সন্ত্রাসবাদী গোট হায়াত তেহৰিৰ অল-ছাম আৰু ইয়াৰ বিভক্ত গোটসমূহে ইতিমধ্যে ৰাষ্ট্ৰপতি বাছাৰ অল- আছাদৰ বাহিনীক পৰাস্ত কৰি এলেপ্প আৰু আইডিব প্ৰদেশৰ কেইবাখনো নগৰ-গাঁও অধিকাৰ কৰিছে। চৰকাৰী বাহিনীয়ে ২০১৬ চনত পুনৰ অধিকাৰ কৰাৰ পাছত এলেপ্প মহানগৰত এইটো হৈছে সৰ্ববৃহৎ আক্রমণ। ছিৰিয়াত ২০১১ চনৰ পৰা চলি থকা গৃহ যুদ্ধ বর্তমানলৈকে ৫ লাখৰো অধিক লোকৰ মৃত্যু হৈছে। ৪ লাখৰো অধিক লোক বাসকৰা আইডিব বিৰোধীৰ শক্তিশালী ঘাটি হিচাপে পৰিগণিত হৈ আহিছে।