December 9, 2024 2:32 PM

views 43

ছিৰিয়াৰ একতা, সাৰ্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতা বৰ্তাই ৰখাৰ বাবে আটাইবোৰ দলে কাম কৰাটো জৰুৰী বুলি মন্তব্য ভাৰতৰ

ভাৰতে ছিৰিয়াৰ একতা, সাৰ্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতা বৰ্তাই ৰখাৰ বাবে আটাইবোৰ দলে কাম কৰাটো জৰুৰী বুলি মন্তব্য কৰিছে। বিদেশ মন্ত্ৰ্যালয়ে এটা বিবৃতে যোগে আজি কয়, যে মন্ত্ৰ্যালয়ে ছিৰিয়াৰ শেহতীয়া পৰিস্থিতি আৰু ঘটনাক্ৰম নিৰীক্ষণ কৰি আছে। নতুন দিল্লী মহলে ছিৰিয়াৰ সমাজৰ সকলো শ্ৰেণীৰ আশা-আকাংক্ষাক সন্মান কৰি এই দেশৰ নেতৃত্বত শান্তিপূৰ্ণ আৰু সৰ্বাত্মক ৰাজনৈতিক প্ৰক্ৰিয়াৰ পোষকতা কৰিছে। মন্ত্ৰ্যালয়ে কৈছে যে, ডামাছকাছত থকা ভাৰতীয় দূতাবাসে দেশখনত থকা প্ৰবাসী ভাৰতীয়সকলৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে ...

December 8, 2024 8:03 PM

views 30

ছিৰিয়াৰ একনায়কত্ববাদী চৰকাৰৰ পতন

ছিৰিয়াত সংঘটিত শেহতীয়া ঘটনাৱলীৰ পৰিপ্ৰেক্ষিতত দেশখনত ২৪ বছৰীয়া একনায়কত্ববাদী চৰকাৰৰ পতন ঘটে। দেশখনত বিদ্রোহী দলে ডামাস্কাছ দখল কৰাৰ বিপৰীতে ৰাষ্ট্ৰপতি বাছাৰ আল আছাদে ইতিমধ্যে দেশ এৰি পলায়ন কৰিছে। বিগত দুসপ্তাহৰ ভিতৰত দেশখনৰ চাৰিখনকৈ প্ৰধান মহানগৰ বিদ্ৰোহীয়ে দখল কৰাৰ অন্তত আজি দেশখনৰ একনায়কত্ববাদী চৰকাৰৰ পতন ঘটে।

November 30, 2024 6:41 PM

views 33

গৃহ যুদ্ধত জৰ্জৰিত ছিৰিয়াত সশস্ত্ৰ বিৰোধী বাহিনীয়ে দেশখনৰ দ্বিতীয় বৃহৎ মহানগৰ এলেপ্প অধিকাৰ কৰিছে

গৃহ যুদ্ধত জৰ্জৰিত ছিৰিয়াত সশস্ত্ৰ বিৰোধী বাহিনীয়ে দেশখনৰ দ্বিতীয় বৃহৎ মহানগৰ এলেপ্প অধিকাৰ কৰিছে। দেশখনৰ উত্তৰ পশ্চিম অংশত বিৰোধী বাহিনীয়ে সশস্ত্র বিদ্রোহ আৰম্ভ কৰাৰ কেইদিনমানৰ পাছতে মহানগৰখনত অধিকাৰ সাব্যস্ত কৰে। ইছলামিক সন্ত্রাসবাদী গোট হায়াত তেহৰিৰ অল-ছাম আৰু ইয়াৰ বিভক্ত গোটসমূহে ইতিমধ্যে ৰাষ্ট্ৰপতি বাছাৰ অল- আছাদৰ বাহিনীক পৰাস্ত কৰি এলেপ্প আৰু আইডিব প্ৰদেশৰ কেইবাখনো নগৰ-গাঁও অধিকাৰ কৰিছে। চৰকাৰী বাহিনীয়ে ২০১৬ চনত পুনৰ অধিকাৰ কৰাৰ পাছত এলেপ্প মহানগৰত এইটো হৈছে সৰ্ববৃহৎ আক্রমণ। ছিৰিয়া...