ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

গৃহ মন্ত্ৰালয়ৰ এখন উচ্চ পৰ্যায়ৰ সমিতিয়ে আজি নতুন দিল্লীত লাডাখৰ নেতাসকলৰ সৈতে আলোচনাত মিলিত হয়

■ গৃহ মন্ত্ৰালয়ৰ এখন উচ্চ পৰ্যায়ৰ সমিতিয়ে আজি নতুন দিল্লীত লাডাখৰ নেতাসকলৰ সৈতে আলোচনাত মিলিত হৈছে। কেন্দ্ৰীয় শাসিত অঞ্চলটোত বিগত মাহত হোৱা হিংসাত্মক ঘটনাৰ পাছত প্ৰথমবাৰৰ বাবে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আনুষ্ঠানিক বৈঠক অনুষ্ঠিত হৈছে। লাডাখ সন্দৰ্ভত গৃহ মন্ত্ৰালয়ৰ উচ্চ পৰ্যায়ৰ সমিতিৰ জৰিয়তে এপেক্স বডি লেহ চমুকৈ এ বি এল আৰু কাৰ্গিল ডেমক্রেটিক এলায়েন্স চমুকৈ কে ডি এৰ সৈতে আলোচনাৰ ব্যৱস্থা কৰা হৈছে। আকাশবাণী লেহৰ সংবাদদাতাই প্ৰকাশ কৰা মতে এই প্রতিনিধিসকলে লাডাখক ৰাজ্য হিচাপে স্বীকৃতি আৰু ষষ্ঠ অনুসূচিত লাডাখক অন্তর্ভুক্তিকে ধৰি কেইবাটাও মুখ্য দাবী উত্থাপন কৰাৰ সম্ভাৱনা আছে। ইয়াৰ পূৰ্বৰ বৈঠকত উত্থাপন কৰা চাকৰিৰ ক্ষেত্ৰত সংৰক্ষণ আৰু স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰৰ বিষয়টো কেন্দ্ৰই সমাধান কৰিছে বুলি লেহৰ সংবাদদাতাই প্ৰকাশ কৰিছে।