ডাউনলোড
মোবাইল এপ

android apple
signal

গুৱাহাটী শিশু মহোৎসৱৰ ষষ্ঠ দিনাও শিশুসকলৰ বাবে কলা-সংস্কৃতিৰ কৰ্মশালাৰ আয়োজন

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত চলি থকা গুৱাহাটী শিশু মহোৎসৱৰ আজি ষষ্ঠ দিনাও শিশুসকলৰ বাবে কলা-সংস্কৃতিৰ কৰ্মশালা অনুষ্ঠিত হয়। পুৱা ১০ বজাত আৰতি হাজৰিকাৰ যোগাসনৰ প্ৰশিক্ষণেৰে শিশু মহোৎসৱৰ কাৰ্যসূচী আৰম্ভ হয়। যোগভ্যাসৰ পাছত নাটক, নৃত্য, মূকাভিনয়, সুকুমাৰ কলাৰ কৰ্মশালাত বিশিষ্ট নাট্যকাৰ-পৰিচালক ৰবিজিতা গগৈ, নাট্য শিল্পীদ্বয় ৰাজীৱ কুমাৰ সাউদ, সুনম দেৱী, বিশিষ্ট শিল্পী মইনুল হক, দেৱকান্ত হাজৰিকা, দিগন্ত হাজৰিকা, শিল্পী প্ৰিয়ংকা কাশ্যপ, ভায়োলীনা তালুকদাৰ আদিয়ে সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰে। বিগত কেইদিনৰ দৰে গুৱাহাটী শিশু মহোৎসৱত আজি বিয়লি ৩ বজাৰ পৰা আৰ্মাইন অণ্ডা পৰিচালিত শিশু উপযোগী প্ৰখ্যাত এনিমেটেড ছবি “দ্য ছঙ্ অৱ ফ্লাইং লিচ” প্ৰদৰ্শন কৰা হয়। চলচ্চিত্ৰ প্ৰদৰ্শনৰ পাছত বিয়লি ৪-৩০ বজাৰ পৰা সাংস্কৃতিক কার্যসূচী অনুষ্ঠিত হয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।