গুৱাহাটী মহানগৰীত পাইপযোগে প্রাকৃতিক গেছ যোগানৰ  অভিলাষী প্রকল্প উদ্বোধন

গুৱাহাটী মহানগৰবাসীৰ পৰা এতিয়াৰে পৰা পাইপ যোগে প্রাকৃতিক গেছ সুলভ হ’ব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি লোকসেৱা ভৱনত আয়োজিত এটা অনুষ্ঠানত গুৱাহাটী মহানগৰীত পাইপযোগে প্রাকৃতিক গেছ যোগানৰ এই অভিলাষী প্রকল্প আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই প্ৰকল্পৰ প্ৰথম পৰ্যায়ত গীতানগৰ অঞ্চলৰ ১০১টা পৰিয়ালক সামৰি লোৱা হৈছে। মুখ্যমন্ত্ৰীয়ে কালিব অনুষ্ঠানতেই শিলচৰত বৰাক উপত্যকাৰ প্ৰথমটো চি এন জি ষ্টেচন উদ্বোধন কৰাৰ লগতে হাজো, শুৱালকুছি, ৰঙিয়া আৰু বাইহাটা চাৰিআলিত পাইপযোগে গেছ যোগানৰ প্ৰাৰম্ভিক কামো আৰম্ভ কৰে।