দক্ষতা বিকাশ আৰু উদ্যমিতা দপ্তৰৰ স্বতন্ত্ৰ ৰাজ্য মন্ত্ৰী জয়ন্ত চৌধাৰীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ত আজি উত্তৰ-পূব আঞ্চলিক ভাৰতীয় দক্ষতা প্ৰতিযোগিতা ২০২৫-২৬ উদ্বোধন কৰে। এই প্ৰতিযোগিতাৰ জৰিয়তে দেশৰ দক্ষতা বিকাশৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ স্থিতি শক্তিশালী কৰাৰ লক্ষ্য লোৱা হৈছে। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যৰ যুৱক-যুৱতীসকলক একত্ৰিত কৰা হৈছে। তেওঁলোকে ২৬টা বিভাগৰ দক্ষতা প্রতিযোগিতাত অৱতীৰ্ণ হৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত এই প্রতিযোগিতা অনুষ্ঠিত হৈছে। অনুষ্ঠানত দিয়া ভাষণত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নত যুৱক- যুৱতীসকলৰ দক্ষতা বিকাশৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰে। এই প্ৰতিযোগিতা উৎকৃষ্টতা, নিয়মানুৱৰ্তিতা আৰু কৰ্মৰ মৰ্য্যাদাৰ উদযাপন বুলি মত প্ৰকাশ কৰে।
প্রতিযোগিতাত উত্তৰ পূবৰ আঠখন ৰাজ্যৰ ১৬২ গৰাকী প্ৰতিযোগীয়ে অংশ লৈছে৷ আজিৰ উদ্বোধনী অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড০ ননীগোপাল মহন্ত, ৰাজ্য চৰকাৰৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন, দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ প্ৰধান সচিব জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠী আৰু কেন্দ্ৰীয় চৰকাৰৰ দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব হেনা ওচমান প্ৰমুখ্যে শীর্ষ বিষয়াবর্গ উপস্থিত থাকে। ইয়াৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলত উদ্যোগৰ ক্ষেত্ৰত উদ্যমিতাৰ বিকাশ, প্রতিযোগিতামূলক মনোভাৱ বৃদ্ধি আৰু ৰাষ্ট্ৰীয়- আন্তঃৰাষ্ট্ৰীয় মানৰ সৈতে ফেৰ মাৰিব পৰাকৈ যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশৰ প্ৰয়াস কৰা হৈছে। এই প্ৰতিযোগিতাত ৰাষ্ট্ৰীয় মানৰ আধাৰত প্ৰতিযোগীসকলক মূল্যায়ণ কৰা হ’ব। বিজয়ীসকলে চলিত বছৰৰ ২২ৰ পৰা ২৭ ছেপ্তেম্বৰলৈ চাংহাইত হ’বলগীয়া বিশ্ব দক্ষতা প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিব।
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীচৌধাৰীয়ে আজি গোৱালপাৰা জিলাত উপস্থিত হৈ অভিলাষী জিলাখনৰ উন্নয়নমূলক কাম- কাজৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে গোৱালপাৰাৰ বাপুজী নগৰত থকা আবু আল মজিদ নামৰ লোকজনৰ ছয়াবিনৰ পৰা উৎপাদিত দুগ্ধজাতীয় খাদ্য সামগ্ৰীসমূহ প্ৰত্যক্ষ কৰাৰ লগতে উন্নত জাতৰ ছাগলী আৰু কুকুৰাৰ পামো পৰিদৰ্শন কৰে। এনেধৰণৰ কাম-কাজে জিলাখনৰ উন্নয়নত অৰিহণা যোগাব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ লগতে উত্তৰ পূবৰ উন্নয়নত বিশেষ গুৰুত্ব দিয়া বুলিও তেওঁ উল্লেখ কৰে।