গুৱাহাটী বিজ্ঞান নগৰী প্ৰকল্পৰ বাবে কেন্দ্ৰীয় চৰকাৰে অতিৰিক্তভাৱে ৫০ কোটি টকা মোকলাই দিছে। এই প্ৰকল্পটো অহা ডিচেম্বৰৰ ভিতৰত উদ্বোধন কৰাৰ বাবে চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। এই সন্দৰ্ভত কালি নতুন দিল্লীত কেন্দ্রীয় সংস্কৃতি মন্ত্রী গজেন্দ্ৰ সিং শেখাৱটৰ সৈতে ৰাজ্যৰ বিজ্ঞান প্রযুক্তি মন্ত্ৰী কেশৱ মহন্ত এখন গুৰুত্বপূর্ণ বৈঠকত মিলিত হয়। এই বৈঠকত মন্ত্ৰী শ্ৰী মহন্তই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক গুৱাহাটী বিজ্ঞান নগৰীৰ কামৰ অগ্ৰগতি সন্দৰ্ভত বিতংভাৱে অৱগত কৰে। বিজ্ঞান নগৰী প্ৰকল্পৰ মূল অংশ নিৰ্মাণৰ দায়িত্বত থকা এন চি এছ এমে ইতিমধ্যে অত্যাধুনিক প্ৰৱেশ চৌহদ, স্পেচ অডিচি আৰু বিজ্ঞান আৱিস্কাৰ চৌদহৰ নিৰ্মাণ প্ৰায় শেষ কৰা বুলি শ্ৰী মহন্তই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অৱগত কৰাৰ লগতে ডিচেম্বৰৰ ভিতৰত প্ৰকল্পটো উদ্বোধনৰ বাবে সাজু কৰি তুলিবলৈ অনুৰোধ জনায়। এই অনুৰোধৰ প্ৰতি সঁহাৰি জনাই মন্ত্ৰী শেখাৱটে শীৰ্ষ বিষয়াসকলক প্ৰকল্পটো ডিচেম্বৰত উদ্বোধনৰ বাবে যাৱতীয় সকলো ব্যৱস্থা ক্ষীপ্ৰতাৰে সম্পন্ন কৰাৰ নিৰ্দেশ দিয়ে। এই আলোচনাত কেন্দ্ৰীয় চৰকাৰে প্ৰকল্পটোৰ বাবে অতিৰিক্তভাৱে ধন মোকলাই দিয়াৰ কথা শ্ৰী মহন্তক অৱগত কৰে। একেদৰে ৰাজ্য চৰকাৰেও পূৰ্ব নিৰ্ধাৰিত নিজৰ অংশৰ অতিৰিক্ত পুঁজি হিচাপে ৪৯ কোটি ৮৮ লাখ টকাৰ অনুমোদন জনাইছে বুলি মন্ত্ৰী শ্ৰী মহন্তই কয়। কালিৰ বৈঠকত কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰালয়ৰ যুটীয়া সচিব লিলি পাণ্ডে, মন্ত্ৰালয়ৰ অধীনৰ ৰাষ্ট্ৰীয় বিজ্ঞান সংগ্ৰহালয় পৰিষদৰ সঞ্চালক প্ৰধান অৰিজিৎ দত্ত চৌধুৰীয়েও অংশগ্ৰহণ কৰে।
Site Admin | July 22, 2025 1:31 PM | guwahati science city
গুৱাহাটী বিজ্ঞান নগৰী প্ৰকল্পলৈ কেন্দ্ৰীয় চৰকাৰৰ অতিৰিক্তভাৱে ৫০ কোটি টকা
