July 22, 2025 1:31 PM

views 13

গুৱাহাটী বিজ্ঞান নগৰী প্ৰকল্পলৈ কেন্দ্ৰীয় চৰকাৰৰ অতিৰিক্তভাৱে ৫০ কোটি টকা

গুৱাহাটী বিজ্ঞান নগৰী প্ৰকল্পৰ বাবে কেন্দ্ৰীয় চৰকাৰে অতিৰিক্তভাৱে ৫০ কোটি টকা মোকলাই দিছে। এই প্ৰকল্পটো অহা ডিচেম্বৰৰ ভিতৰত উদ্বোধন কৰাৰ বাবে চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। এই সন্দৰ্ভত কালি নতুন দিল্লীত কেন্দ্রীয় সংস্কৃতি মন্ত্রী গজেন্দ্ৰ সিং শেখাৱটৰ সৈতে ৰাজ্যৰ বিজ্ঞান প্রযুক্তি মন্ত্ৰী কেশৱ মহন্ত এখন গুৰুত্বপূর্ণ বৈঠকত মিলিত হয়। এই বৈঠকত মন্ত্ৰী শ্ৰী মহন্তই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক গুৱাহাটী বিজ্ঞান নগৰীৰ কামৰ অগ্ৰগতি সন্দৰ্ভত বিতংভাৱে অৱগত কৰে। বিজ্ঞান নগৰী প্ৰকল্পৰ মূল অংশ নিৰ্মাণৰ দ...