গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ, উপ মেয়ৰ আৰু আয়ুক্তৰ নেতৃত্বত অনুষ্ঠিত সংবাদমেলত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা

গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ, উপ মেয়ৰ আৰু আয়ুক্তৰ নেতৃত্বত আজি নিগমৰ উজান বজাৰৰ কার্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ে ঘোষণা কৰা হয়। এই অনুসৰি ১৫ মিলিমিটাৰ ব্যাসৰ নল সংযোগৰ বাবে গুৱাহাটী পৌৰ নিগমৰ জল সংযোগকাৰী গ্ৰাহকসকলক গুৱাহাটী জলবোৰ্ডৰ সংযোগলৈ স্থানান্তৰ কৰাৰ ক্ষেত্ৰত ৯,৫০০ টকাৰ অনুদান প্ৰদান কৰা হৈছে। পৌৰ নিগমৰ জল যোগান অহা পহিলা জুলাইৰ পৰা বন্ধ কৰা হ’ব। গুৱাহাটী জলবোৰ্ডৰ অনুদান আঁচনি ধর্মীয় প্রতিষ্ঠান, নামঘৰ, সামুহিক ভৱন, মহিলা সমিতি, সংঘ আদিৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব। গুৱাহাটী পৌৰ নিগমে মহানগৰীত থকা সকলো আৱাসিক আৰু বাণিজ্যিক প্ৰতিষ্ঠানৰ বাবে একক ঘৰ নম্বৰ দিয়াৰ উদ্দেশ্যে এটা সমীক্ষা আৰম্ভ কৰিছে বুলি সংবাদমেলত সদৰি কৰিছে। দীঘস্থায়ী পৰিবেশ ব্যৱস্থাপনা আৰু পৰিস্কাৰ পৰিবেশ বজাই ৰাখিবলৈ গুৱাহাটী পৌৰ নিগমে নগৰীয়া বন আৰু স্বচ্ছ পদুলি ৰক্ষাৰ ক্ষেত্ৰত অংশগ্ৰহণ কৰা পৰিয়ালবোৰৰ বাবে সম্পত্তি কৰ ১০ শতাংশ পর্যন্ত ৰেহাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সংবাদ মেলত মেয়ৰ মৃগেন শৰণীয়াই জনাই যে গুৱাহাটী মহানগৰত বিদ্যালয় আৰু বিভিন্ন ৰাজহুৱা প্ৰতিষ্ঠানত বিনামূল্যতে বৰষুণৰ পানী সংগ্ৰহৰ ব্যৱস্থা কৰা হ’ব। সেইদৰে বাণিজ্য অনুজ্ঞাপত্র প্রদান প্রক্রিয়াও শিথিল কৰা হৈছে বুলি সংবাদমেলত জানিবলৈ দিয়ে। এই সকলো সুবিধা গুৱাহাটী মহানগৰৰ নাগৰিকৰ সুবিধাৰ অৰ্থে আগবঢ়োৱা হৈছে বুলি পৌৰ নিগমৰ মেয়ৰ শ্ৰীশৰণীয়াই সংবাদ মেলত প্ৰকাশ কৰে।