উত্তৰ গুৱাহাটীৰ ৰংমহলত নির্মাণ হ‘বলগীয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ভৱন এখন নতুন আৰু আধুনিক অসমৰ পৰিচয় হ‘ব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই নতুন চৌহদে ন্যায় ব্যৱস্থাৰ বৰ্ধিত প্রয়োজনসমূহ পূৰণ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্রকাশ কৰে। তেওঁ লগতে কয়, যে ন্যায়িক আন্তঃগাঁথনি উন্নয়নৰ দিশত এই নতুন চৌহদৰ নিৰ্মাণ এটা গুৰুত্বপূর্ণ পদক্ষেপ হিচাপে বিবেচিত হ‘ব। উল্লেখযোগ্য যে ৰাজ্যৰ ন্যায়িক খণ্ডৰ উত্তৰণৰ দিশত নতুন দিগন্তৰ সূচনাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূর্য কান্তে কালি উত্তৰ গুৱাহাটীৰ ৰংমহলত সংহত ন্যায়িক আদালত চৌহদৰ আধাৰশিলা স্থাপন কৰে। দুটা পর্যায়ত মুঠ এহেজাৰ ৭০০ কোটি টকা ব্যয়সাপেক্ষে ১৪৮ বিঘা ভূমিত স্থাপন হ‘বলগীয়া এই আদালত চৌহদত উচ্চ ন্যায়ালয় ভবন, অধিবক্তাৰ ভৱন আৰু উচ্চ ন্যায়ালয়ৰ কাৰ্যালয় ভবন, কামৰূপ আৰু কামৰূপ মহানগৰ জিলা আদালতকে ধৰি অন্যান্য সুবিধাসমূহ থাকিব। এই নতুন ভবনত প্রথমতে ৩১টা আদালত কক্ষ থাকিব, য‘ত অধিবক্তা আৰু গোচৰীয়া সকলোৱে বিচাৰ প্ৰক্ৰিয়া চাব পাৰিব। তদুপৰি অধিবক্তাৰ বাবে ৩০০টা চেম্বাৰ আৰু দুহেজাৰ অধিবক্তা বহিব পৰা স্থানৰ ব্যৱস্থা কৰা হৈছে বুলি মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে বৰ্তমানৰ ৰংমহলৰ পথটোৱে জিলা আদালতৰ প্ৰয়োজনীয়তা পূৰণ কৰিব আৰু উচ্চ ন্যায়ালয়ৰ বাবে এটা চাৰিলেনযুক্ত পথ নতুনকৈ নিৰ্মাণ কৰা হ‘ব। মুখ্যমন্ত্ৰীয়ে এই সভাতে অহা ফেব্ৰুৱাৰীত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা দলংখন উদ্বোধন কৰিব বুলি সদৰি কৰে।
ইপিনে, ৰংমহলত সংহত ন্যায়িক আদালত চৌহদৰ আধাৰশিলা স্থাপনৰ দিনাও গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ এছ‘চিয়েচনে অনশন কাৰ্যসূচী অব্যাহত ৰাখে। যোৱা ৮ জানুৱাৰীৰ পৰা বাৰ এছ‘চিয়েচনে উচ্চ ন্যায়ালয় স্থানান্তৰৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰি অনশন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। গুৱাহাটী উকিল সন্থাইও কালি এই স্থানান্তৰ প্ৰক্ৰিয়াৰ বিৰোধিতাৰে আদালত চৌহদত অনশন কার্যসূচী গ্ৰহণ কৰে।