January 20, 2026 8:14 PM | sabdo rabha

printer

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা শব্দৰাম ৰাভাৰ মৃত্যু, মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা শব্দৰাম ৰাভাৰ আজি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৫৭ বছৰ। ৰাভাৰ মৃত্যুত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে জনজাতীয় সমাজখনৰ উত্তৰণৰ ক্ষেত্ৰত সদা-দায়বদ্ধ নেতাগৰাকীৰ মৃত্যু এটা অপূৰণীয় ক্ষতি। আমাৰ আগৰ বাতৰিতে কোৱা হৈছিল যে শব্দৰাম ৰাভা উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ যোৱা কেইবাদিনো ধৰি চিকিৎসালয়ত চিকিৎ‍সাধীন হৈ আছিল। আজি চিকিৎ‍সাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয়। প্ৰয়াত ৰাভা ইউ পি পি এল দলৰ উপ-সভাপতি পদত কাৰ্যনিৰ্বাহ কৰি আছিল। শব্দৰাম ৰাভাৰ বিয়োগত অধিবক্তা সমাজৰ মাজত শোক ছাঁ পৰে। সন্ধিয়া তেওঁৰ নশ্বৰ দেহ তামুলপুৰ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত অনাৰ পাছত ৰাভা ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল-সংগঠনৰ সদস্যই শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। তামুলপুৰ জিলাৰ দলংপাৰাস্থিত নিজ বাসগৃহলৈ ৰাভাৰ মৃতদেহ লৈ যোৱাৰ পাছত পৰিয়াল, আত্মীয় স্বজন আৰু অসংখ্য গুণমুগ্ধই শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।