January 20, 2026 8:14 PM

views 22

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা শব্দৰাম ৰাভাৰ মৃত্যু, মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা শব্দৰাম ৰাভাৰ আজি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৫৭ বছৰ। ৰাভাৰ মৃত্যুত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে জনজাতীয় সমাজখনৰ উত্তৰণৰ ক্ষেত্ৰত সদা-দায়বদ্ধ নেতাগৰাকীৰ মৃত্যু এটা অপূৰণীয় ক্ষতি। আমাৰ আগৰ বাতৰিতে কোৱা হৈছিল যে শব্দৰাম ৰাভা উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ যোৱা কেইবাদিনো ধৰি চিকিৎসালয়ত চিকিৎ‍সাধীন হৈ আছিল। আজি চিকিৎ‍সাধীন...