গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত আই চি চি মহিলা বিশ্বকাপ ক্রিকেটৰ উদ্বোধনী খেল

গুৱাহাটীৰ বৰ্ষাপাৰাত থকা অসম ক্রিকেট এচ’ছিয়েছনৰ ষ্টেডিয়ামত আজি আই চি চি মহিলা বিশ্বকাপ ক্রিকেট উদ্বোধনী খেলখন অনুষ্ঠিত হ’ব। উদ্বোধনী খেলখনত ভাৰতৰ মহিলা ক্রিকেট দলটো শ্ৰীলংকাৰ মুখামুখি হ’ব। খেলখন বিয়লি ৩ বজাত আৰম্ভ হ’ব। উল্লেখযোগ্য যে ভাৰতীয় মহিলা দলটোৱে আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদৰ খিতাপ লাভৰ বাবে ৪৭ বছৰীয়া অপেক্ষাৰ অন্ত পেলাবলৈ চেষ্টা কৰিব। মহিলা বিশ্বকাপ ২০২৫ত অস্ট্রেলিয়া, ইংলেণ্ড, নিউজিলেণ্ড, দক্ষিণ আফ্রিকা, শ্রীলংকা, বাংলাদেশ আৰু পাকিস্তানে অংশগ্ৰহণ কৰিছে। এই দলসমূহে ভাৰতৰ চাৰিটা আৰু কলম্বোৰ এটা স্থানত ৰাউণ্ড ৰবীন পৰ্যায়ত ২৮ খন লীগ মেচত অংশগ্ৰহণ কৰিব। ভাৰত আৰু পাকিস্তানৰ মাজৰ বহু প্রত্যাশিত খেলখন অহা ৫ অক্টোবৰত কলম্বোত অনুষ্ঠিত হ’ব। আজি উদ্বোধনী অনুষ্ঠানৰ ৪০ মিনিট সময় সদ্যপ্রয়াত শিল্পী জুবিন গাৰ্গৰ সন্মানার্থে উৎসর্গিত হ’ব বুলি বি চি চি আইয়ে সদৰি কৰিছে। বলিউদৰ বিশিষ্ট কণ্ঠশিল্পী শ্রেয়া ঘোষালে আজি উদ্বোধনী খেলত জুবিন গাৰ্গৰ মায়াবিনী গীতটোৰে শ্ৰদ্ধাঞ্জলি জনাব। ইপিনে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া খেলখনৰ বাবে আজি যান-বাহন চলাচলৰ ক্ষেত্ৰত গুৱাহাটী মহানগৰীৰ যান-বাহন শাখাই বিশেষ নীতি-নিৰ্দেশনা জাৰি কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।