September 30, 2025 7:37 PM

views 28

গুৱাহাটীৰ বৰ্ষাপাৰাত আই চি চি মহিলা বিশ্বকাপ এদিনীয়া ক্ৰিকেটৰ উদ্বোধন, ভাৰত-শ্ৰীলংকাৰ মুখামুখি

আই চি চি মহিলা বিশ্বকাপ এদিনীয়া ক্ৰিকেটৰ উদ্বোধনী খেলখন আজি গুৱাহাটীৰ বৰ্ষাপাৰাত থকা অসম ক্রিকেট এচ’ছিয়েছনৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈছে। উদ্বোধনী খেলখনত ভাৰতৰ মহিলা ক্রিকেট দলটো শ্ৰীলংকাৰ মুখামুখি হৈছে। বিয়লি ৩ বজাত আৰম্ভ হোৱা খেলখন বৰষুণৰ বাবে দুবাৰকৈ খেলখন বিঘ্নিত হোৱাৰ বাবে ৪৮ অভাৰলৈ সীমিত কৰা হৈছে। টছত জিকি শ্রীলংকাই প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। আমাৰ বাতৰি যুগুতোৱাৰ পৰলৈকে ভাৰতে ৭টা উইকেট হেৰুৱাই ৪৪ অভাৰত ২২৯ৰান কৰি খেলি আছে। উদ্বোধনী অনুষ্ঠানত কেইবাগৰাকীও জনপ্রিয় কণ্ঠশিল্পীয়ে সদ্যপ্রয...

September 30, 2025 12:08 PM

views 22

গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত আই চি চি মহিলা বিশ্বকাপ ক্রিকেটৰ উদ্বোধনী খেল

গুৱাহাটীৰ বৰ্ষাপাৰাত থকা অসম ক্রিকেট এচ’ছিয়েছনৰ ষ্টেডিয়ামত আজি আই চি চি মহিলা বিশ্বকাপ ক্রিকেট উদ্বোধনী খেলখন অনুষ্ঠিত হ'ব। উদ্বোধনী খেলখনত ভাৰতৰ মহিলা ক্রিকেট দলটো শ্ৰীলংকাৰ মুখামুখি হ'ব। খেলখন বিয়লি ৩ বজাত আৰম্ভ হ'ব। উল্লেখযোগ্য যে ভাৰতীয় মহিলা দলটোৱে আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদৰ খিতাপ লাভৰ বাবে ৪৭ বছৰীয়া অপেক্ষাৰ অন্ত পেলাবলৈ চেষ্টা কৰিব। মহিলা বিশ্বকাপ ২০২৫ত অস্ট্রেলিয়া, ইংলেণ্ড, নিউজিলেণ্ড, দক্ষিণ আফ্রিকা, শ্রীলংকা, বাংলাদেশ আৰু পাকিস্তানে অংশগ্ৰহণ কৰিছে। এই দলসমূহে ভাৰতৰ চাৰিটা আৰু...