গুৱাহাটীৰ বৰ্ষাপাৰাত আই চি চি মহিলা বিশ্বকাপ এদিনীয়া ক্ৰিকেটৰ উদ্বোধন, ভাৰত-শ্ৰীলংকাৰ মুখামুখি

আই চি চি মহিলা বিশ্বকাপ এদিনীয়া ক্ৰিকেটৰ উদ্বোধনী খেলখন আজি গুৱাহাটীৰ বৰ্ষাপাৰাত থকা অসম ক্রিকেট এচ’ছিয়েছনৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈছে। উদ্বোধনী খেলখনত ভাৰতৰ মহিলা ক্রিকেট দলটো শ্ৰীলংকাৰ মুখামুখি হৈছে। বিয়লি ৩ বজাত আৰম্ভ হোৱা খেলখন বৰষুণৰ বাবে দুবাৰকৈ খেলখন বিঘ্নিত হোৱাৰ বাবে ৪৮ অভাৰলৈ সীমিত কৰা হৈছে। টছত জিকি শ্রীলংকাই প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। আমাৰ বাতৰি যুগুতোৱাৰ পৰলৈকে ভাৰতে ৭টা উইকেট হেৰুৱাই ৪৪ অভাৰত
২২৯ৰান কৰি খেলি আছে। উদ্বোধনী অনুষ্ঠানত কেইবাগৰাকীও জনপ্রিয় কণ্ঠশিল্পীয়ে সদ্যপ্রয়াত শিল্পী জুবিন গাৰ্গৰ গীতেৰে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বলিউদৰ বিশিষ্ট কণ্ঠশিল্পী শ্রেয়া ঘোষালে জুবিন গাৰ্গৰ মায়াবিনী গীতটোৰে শ্ৰদ্ধাঞ্জলি জনায়। এই সন্দৰ্ভত আমাৰ গুৱাহাটীৰ সংবাদদাতা হেমন্ত বৰাই এইদৰে কয় ইপিনে গুৱাহাটীত অনুষ্ঠিত হোৱা খেলখনৰ বাবে আজি যান-বাহন চলাচলৰ ক্ষেত্ৰত গুৱাহাটী মহানগৰীৰ যান-বাহন শাখাই বিশেষ নীতি-নির্দেশনা জাৰি কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।