December 10, 2025 7:52 PM | Swahid Divas

printer

গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত শ্বহীদ স্মাৰক ক্ষেত্ৰ উদ্বোধন মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি পশ্চিম বৰাগাঁৱত নিৰ্মিত শ্বহীদ স্মাৰক ক্ষেত্ৰ উদ্বোধন কৰে। তেওঁ লগতে স্মাৰক ক্ষেত্ৰত থকা শ্বহীদ প্রণাম জ্যোতিত অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত আত্মবলিদান দিয়া মহান শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। অসম আন্দোলনৰ ৮৬০ গৰাকী জাতীয় শ্বহীদৰ স্মৃতিত ১৭০ কোটি টকা ব্যয়েৰে ১৫০ বিঘাৰো অধিক ভূমি সামৰি এই স্মাৰক ক্ষেত্ৰ আৰু শ্বহীদ স্তম্ভ সাজি উলিওৱা হৈছে। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে অসমৰ অস্তিত্ব সুৰক্ষাৰ অগ্ৰগামী যাত্ৰাৰ সেনানীসকলক স্মৰণ কৰি তেওঁলোকে দেখা সপোন ৰাজ্য চৰকাৰে পূৰণ কৰিবলৈ প্ৰয়াস কৰিছে বুলি প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে লগতে নিজৰ জাতি, মাটি আৰু ভেটি ৰক্ষাৰ বাবে ৰাজ্যখনৰ সকলো খিলঞ্জীয়া লোককে সজাগ সচেতন হবলৈ আহ্বান জনায়। সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে ছহিদ স্মাৰক উদ্বোধন সন্দৰ্ভত এইদৰে মনৰ ভাৱ প্ৰকাশ কৰে ।

অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱলে অংশ লৈ দিয়া ভাষণত অসম আন্দোলনৰ ছহিদসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰি কয় যে এই স্মাৰক নির্মানে ছহিদসকলৰ ত্যাগৰ প্ৰতি যথোচিত শ্রদ্ধা প্রদর্শন কৰিছে। অসমৰ অস্তিত্ব ৰক্ষাৰ বাবে আন্দোলন কৰি নিজৰ জীৱন পৰ্যন্ত ত্যাগ কৰা ছহিদসকলৰ সপোনক বাস্তৱায়িত কৰাৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ লৈছে বুলি তেঁও উল্লেখ কৰে।

অনুষ্ঠানত অসম চুক্তি ৰূপায়ন মন্ত্ৰী অতুল বৰা, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত আৰু বন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী উপস্থিত থাকে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।