ৰাজ্যজুৰি বিস্তৃত কাৰ্যসূচীৰে কাইলৈ পালন কৰিবলগীয়া ছহিদ দিৱসৰ পূৰ্বে আজি গুৱাহাটীৰ পশ্চিম বৰাগাঁৱৰ ছহিদ স্মাৰক ক্ষেত্ৰত ছহিদৰ স্মৃতিত বিশেষ অনুষ্ঠান অনুষ্ঠিত হৈছে। এই অনুষ্ঠানৰ অংশ হিচাপে আজি বিয়লি থাপনা স্থাপন, ভাগৱত পাঠ, ছহিদ প্রণাম জ্যোতি প্রজ্বলন, দিহা নাম, থিয় নাম আদিৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই অক্ষয় বন্তি প্ৰজ্বলন কৰে। ৮৬০ গছি চাকি বন্তি প্ৰজ্বলন কৰা হয়। ইয়াৰ পূর্বে আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ছহিদ স্মাৰক ক্ষেত্ৰত উপস্থিত হৈ কাইলৈ হ’বলগীয়া ছহিদ স্মাৰক ক্ষেত্র উদ্বোধনৰ প্ৰস্তুতিৰ বুজ লয়। মুখ্যমন্ত্ৰীগৰাকীয়ে এই স্মাৰক ক্ষেত্ৰত কাইলৈ হ’বলগীয়া অনুষ্ঠানলৈ সকলোকে আমন্ত্রণ জনায়।
ইপিনে, কাইলৈ বৰাগাঁৱৰ ছহিদ স্মাৰক ক্ষেত্ৰৰ লগতে ৰাজ্যজুৰি পালন কৰিবলগীয়া ছহিদ দিৱসৰ প্ৰস্তুতিৰ খতিয়ান ল’বলৈ মন্ত্ৰী অতুল বৰাই জিলা আয়ুক্তসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে কালি এখন বৈঠকত মিলিত হয়। এই বৈঠকত মন্ত্ৰী কেশৱ মহন্ত, জয়ন্ত মল্ল বৰুৱা, ৰূপেশ গোৱালা আৰু ৰাজ্যৰ মুখ্য সচিব ড° ৰবী কোটা উপস্থিত থাকে। বৈঠকত প্ৰতিখন জিলা আৰু সমজিলাত এই অনুষ্ঠান সফলভাৱে অনুষ্ঠিত কৰিবলৈ যাৱতীয় নিৰ্দেশনা দিয়া হয়। গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত ছহিদ দিৱস উদযাপনৰ কেন্দ্ৰীয় অনুষ্ঠানৰ আয়োজন কৰা হৈছে। জিলা আৰু সম জিলা মুখ্য কাৰ্যালয়সমূহতো সকলো স্তৰৰ ৰাইজৰ সক্ৰিয় অংশগ্ৰহণেৰে ছহিদ দিৱস পালন কৰা হ’ব। পশ্চিম বৰাগাঁৱত নিৰ্মিত ছহিদ স্মাৰক ক্ষেত্ৰ মুখ্যমন্ত্রী ড° শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰিব। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব । উল্লেখযোগ্য যে ঐতিহাসিক অসম আন্দোলনৰ ছহিদসকলৰ প্ৰতি সন্মান জনাই তেওঁলোকৰ স্মৃতি সংৰক্ষণৰ লক্ষ্যৰে বৰাগাঁৱত এই ছহিদ স্মাৰক ক্ষেত্ৰ নিৰ্মাণ কৰা হৈছে। এই ক্ষেত্ৰত প্ৰেক্ষাগৃহ, প্রার্থনা গৃহ, চাইকেল ট্ৰেক আদিৰ উপৰি অসম আন্দোলন তথা ৰাজ্যখনৰ বুৰঞ্জীৰ বিভিন্ন ঘটনা প্রবাহক সামৰি শব্দ আৰু পোহৰৰ বিশেষ প্ৰদৰ্শনীৰো ব্যৱস্থা থাকিব।