ডাউনলোড
মোবাইল এপ

android apple
signal

গুজৰাটৰ বডোডৰাত দলং খহি পৰাৰ ফলত ৯জন নিহত, কেইবাজনো আহত

গুজৰাটৰ বডোডৰা জিলাৰ পাড়াৰ সমীপত আজি পুৱা এখন দলং খহি পৰাত ৯জন লোকে প্ৰাণ হেৰুৱায় আৰু অন্য কেইবাজনো আহত হয়। আনন্দ আৰু বডোডৰা সংযোগী গম্ভীৰা দলঙৰ এটা অংশ খহি পৰাৰ ফলত পাঁচখন বাহন মহীসাগৰ নদীত পৰি যায়। বডোডৰা জিলা প্ৰশাসন আৰু স্থানীয় কৰ্তৃপক্ষই ততালিকে উদ্ধাৰ অভিযান আৰম্ভ কৰে। আনন্দৰ পৰা অগ্নিনির্বাপন বিভাগৰ তিনিটা দল উদ্ধাৰ আৰু সাহায্য অভিযানত সহায় কৰাৰ উদ্দেশ্যে নাৱৰ সৈতে ঘটনাস্থলীত উপস্থিত হৈছে। বডোডৰাৰ জিলাধিপতি অনিল ধমেলিয়াই ব্যাপক উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে বুলি জনাইছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ এটা দল বিশেষ সা-সঁজুলিৰ সৈতে উদ্ধাৰ অভিযানত নামি পৰিছে। নৈত ডুব যোৱা বাহনকেইখন উলিয়াই থকা হৈছে। ইপিনে, গুজৰাট চৰকাৰে দলং খহি পৰাৰ কাৰণ উদ্ঘাটন কৰাৰ বাবে কাৰিকৰী বিশেষজ্ঞৰ এটা দল প্ৰেৰণ কৰিছে। দলটোক বিশদ প্রতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে এটা বার্তাযোগে এই ঘটনাত নিহত লোকসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা প্ৰকাশ কৰিছে আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে। তেওঁ লগতে প্রধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা নিহত লোকসকলৰ নিকটাত্মীয়লৈ ২ লাখ টকাকৈ আৰু আহতসকলক ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।