July 9, 2025 2:35 PM

views 14

গুজৰাটৰ বডোডৰাত দলং খহি পৰাৰ ফলত ৯জন নিহত, কেইবাজনো আহত

গুজৰাটৰ বডোডৰা জিলাৰ পাড়াৰ সমীপত আজি পুৱা এখন দলং খহি পৰাত ৯জন লোকে প্ৰাণ হেৰুৱায় আৰু অন্য কেইবাজনো আহত হয়। আনন্দ আৰু বডোডৰা সংযোগী গম্ভীৰা দলঙৰ এটা অংশ খহি পৰাৰ ফলত পাঁচখন বাহন মহীসাগৰ নদীত পৰি যায়। বডোডৰা জিলা প্ৰশাসন আৰু স্থানীয় কৰ্তৃপক্ষই ততালিকে উদ্ধাৰ অভিযান আৰম্ভ কৰে। আনন্দৰ পৰা অগ্নিনির্বাপন বিভাগৰ তিনিটা দল উদ্ধাৰ আৰু সাহায্য অভিযানত সহায় কৰাৰ উদ্দেশ্যে নাৱৰ সৈতে ঘটনাস্থলীত উপস্থিত হৈছে। বডোডৰাৰ জিলাধিপতি অনিল ধমেলিয়াই ব্যাপক উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে বুলি জনাইছে। ৰাষ...