February 15, 2025 7:21 PM | Suspended

printer

গাছবাৰী হাইস্কুল প্রধান শিক্ষক অশোক চৌধুৰীক চাকৰিৰ পৰা নিলম্বন

কামৰূপ জিলাৰ গাছবাৰী হাইস্কুল প্রধান শিক্ষক অশোক চৌধুৰীক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে। আজি অনুষ্ঠিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰশ্নকাকত পলমকৈ পৰীক্ষাকেন্দ্ৰলৈ নিয়াৰ অভিযোগত প্ৰধান শিক্ষকগৰাকীক নিলম্বন কৰা হয়। প্রশ্নকাকত পলমকৈ লৈ যোৱাক কেন্দ্ৰ কৰি পৰীক্ষাকেন্দ্ৰটোত অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। এই ঘটনাৰ পিছতেই মাধ্যমিক শিক্ষা সঞ্চালকে চৌধুৰীক নিলম্বন কৰে।