ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

গণৰাজ্য দিৱসৰ সামৰণি সমাৰোহ বিটিং ৰিট্ৰীট কাইলৈ নতুন দিল্লীৰ বিজয় চকত অনুষ্ঠিত হ’ব

গণৰাজ্য দিৱসৰ সামৰণি সমাৰোহ বিটিং ৰিট্ৰীট কাইলৈ নতুন দিল্লীৰ বিজয় চকত অনুষ্ঠিত হ’ব। প্ৰতিৰক্ষা মন্ত্রালয়ে এটা বিবৃতিযোগে কৈছে যে এইবেলি স্থলসেনা, নৌসেনা, বায়ুসেনা আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীসমূহৰ বেণ্ডৰ সংগীতৰ তালে তালে ৩০ গৰাকী শিল্পীয়ে দৰ্শকক মন্ত্রমুগ্ধ কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমু, উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অন্য কেন্দ্ৰীয় মন্ত্ৰীসকলে এই অনুষ্ঠানত ভাগ ল’ব।