■ গুৱাহাটী মহানগৰীৰ গাতে লাগি থকা গড়ভঙাক ৰাজ্য চৰকাৰে অভয়াৰণ্যৰ পৰা সংৰক্ষিত বনাঞ্চললৈ অবনমিত কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। এখন ৰাজহুৱা স্বার্থজৰিত আবেদনৰ শুনানি গ্রহণ কৰি ন্যায়ালয়ে বিষয়টো সন্দৰ্ভত চৰকাৰক বিতং শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে। কালি ন্যায়ালয়ত গোচৰটো সন্দৰ্ভত ৰাজ্যৰ বন বিভাগে এখন শপতনামা দাখিল কৰে যদিও ন্যায়াধীশে এই শপতনামাত অসন্তুষ্টি ব্যক্ত কৰি পুনৰ বিস্তৃতভাৱে শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে ২০২২ চনৰ ২৮ মাৰ্চত গড়ভঙাক ৰাজ্য চৰকাৰে বণ্যপ্ৰানী অভয়াৰণ্যলৈ উন্নীত কৰাৰ বাবে জাননী জাৰি কৰিছিল। গড়ভঙা আৰু ৰাণী বনাঞ্চলৰ ১১৭ বৰ্গ কিলোমিটাৰ এলেকা সামৰি বণ্যপ্রাণী অভয়াৰণ্যখন গঠন কৰা হৈছিল যদিও ২০২৩ চনৰ ২৬ ছেপ্টেম্বৰত চৰকাৰে গড়ভঙা অভয়াৰণ্যৰ স্বীকৃতি বাতিল কৰে। বণ্যপ্রাণী অভয়াৰণ্যখন সংৰক্ষিত বনাঞ্চললৈ অৱনমিত কৰি চৰকাৰে আইন উলংঘা কৰা বুলি অভিযোগ কৰি দাখিল কৰা আবেদন সন্দৰ্ভত ন্যায়ালয়ে অহা ২৬ আগষ্টত পুনৰ শুনানি গ্ৰহণ কৰিব।
ইপিনে, গোৱালপাৰাৰ হাছিলা বিলত উচ্ছেদ চলোৱাৰ সময়ত ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা উলংঘা কৰাৰ বাবে ৰাজ্যৰ মুখ্য সচিবক সর্বোচ্চ ন্যায়ালয়ে চমন জাৰি কৰিছে। উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ে ২০২৪ চনৰ ১৩ নৱেম্বৰত বুলডজাৰ লগাই উচ্ছেদ চলোৱা কাৰ্যক নিষিদ্ধ ঘোষণা কৰিছিল। কিন্তু গোৱালপাৰা জিলা প্ৰশাসনে হাছিলা বিলৰ এহেজাৰ ৫৬৪ বিঘা ভূমি দখলমুক্ত কৰাৰ সময়ত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা উলংঘা কৰাৰ অভিযোগ উঠিছে। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত ৰুজু হোৱা এটা গোচৰৰ শেহতীয়া শুনানিত ৰাজ্যৰ মুখ্য সচিব ৰবি কোটা, ৰাজহ বিভাগৰ প্ৰধান সচিব জি ডি ত্রিপাঠী, গোৱালপাৰাৰ জিলা আয়ুক্ত খনিন্দ্ৰ চৌধুৰী, বালিজান চক্র বিষয়া পূজা দাস, গোৱালপাৰাৰ আৰক্ষী অধীক্ষক নৱনীত মহন্ত, গোৱালপাৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিষ্ণু প্রচাইলৈ জাননী জাৰি কৰি অহা ৮ আগষ্টৰ শুনানিত তেওঁলোকক হাজিৰ হবলৈ কোৱা হৈছে।
Site Admin | August 5, 2025 11:28 AM | Akashvani Guwahati | Assam Forest | Guwahati High Court
গড়ভঙাক ৰাজ্য চৰকাৰে অভয়াৰণ্যৰ পৰা সংৰক্ষিত বনাঞ্চললৈ অবনমিত কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কঠোৰ স্থিতি গ্ৰহণ
