খেলৰ বাতৰি:

● ২০২৬ বৰ্ষত হ’বলগীয়া ১৭ বছৰ অনুৰ্ধৰ এ এফ চি এছিয়ান কাপ ফুটবল প্রতিযোগিতাৰ বাবে যোগ্যতা নিৰ্ণয়কাৰী ৰাউণ্ডৰ গ্ৰুপ-ডিৰ এখন খেলত ভাৰতে কালি চীনা টাইপেইক ৩-১ গ’লৰ ব্যৱধানৰ পৰাস্ত কৰে। আহমেদাবাদৰ এক্কা এৰিনাত অনুষ্ঠিত খেলখনত ভাৰতৰ হৈ অধিনায়ক দাল্লালমৌন গাংটেই আটাইকেইটা গ’ল দিয়ে।

যোগ্যতা নির্ণয়কাৰী ৰাউণ্ডত এয়া হ’ল ভাৰতৰ প্ৰথম বিজয়। ইয়াৰ পূৰ্বে বিগত শনিবাৰে অনুষ্ঠিত ভাৰত আৰু পেলেষ্টাইনৰ মাজৰ এখন খেল ১-১ গ’লত ডু’ হৈছিল। কালিৰ জয়ৰ সুবাদত ভাৰতে ৪ পইণ্টেৰে গ্ৰুপৰ দ্বিতীয় স্থানলৈ উন্নীত হৈছে। ইপিনে কালিৰ খেলখনত পৰাজিত হোৱাৰ লগে লগে চীনা টাইপেই প্ৰতিযোগিতাৰ পৰা বাহিৰ হোৱাটো নিশ্চিত হয়। দলটোৱে এইপর্যন্ত খেলা তিনিখন খেলৰ পৰা মাত্র ১ পইণ্টহে অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। গ্ৰুপৰ আন দুটা দল লেবানন আৰু পেলেষ্টাইনে ক্ৰমে ৩ আৰু ২ পইণ্টতকৈ লাভ কৰিছে। উন্নত গ’ল ব্যৱধানৰ ভিত্তিত ৪ পইণ্ট অৰ্জন কৰা ইৰাণ সম্প্ৰতি গ্ৰুপৰ প্ৰথম স্থানত আছে।
ভাৰত কাইলৈ গ্ৰুপ পৰ্যায়ৰ আন এখন খেলত লেবাননৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।