খেলো ইণ্ডিয়া বীচ্চ গেমছত অসমৰ ল’ৰাৰ দলৰ ছেপাকটাক্ৰ’ত সোণৰ পদক অৰ্জন

অসমৰ ল’ৰাৰ দলে দমন আৰু দিউত চলি থকা প্রথম খেলো ইণ্ডিয়া বীচ্চ গেমছৰ ছেপাকটাক্ৰ’ত সোণৰ পদক অৰ্জন কৰিছে। দলটোৱে কালি ফাইনেলত দিল্লীক ১৭-১৪, ১৫-১৩, ১৫-১১ ফলাফলত পৰাস্ত কৰে । একেদৰে টিপু পাটিৰে পেনছাক চিলাটত ল’ৰাৰ ৫৫ কিলোগ্রাম ওজন শাখাত ব্ৰঞ্জৰ পদক জয় কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনে। খেলুৱৈগৰাকী কালি ছেমি ফাইনেলত পৰাস্ত হয়। ইপিনে, পেনছাক চিলাটৰ ল’ৰাৰ ৬৫ কিলোগ্রাম ওজন শাখাত প্ৰঞ্জল ৰাভা আৰু ছোৱালীৰ ৬৫ কিলোগ্রাম ওজন শাখাত লাকী দাসে ফাইনেলত প্ৰবেশ কৰি পদক নিশ্চিত কৰিছে। ছোৱালী ৭৫ কিলোগ্রাম ওজন শাখাত খেম কুমাৰীয়েও ছেমি ফাইনেলত প্ৰৱেশ কৰি পদক নিশ্চিত কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।