ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আজিৰে পৰা ‘অসমী চৰচ মেলা’ অনুষ্ঠিত

অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ উদ্যোগত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আজিৰ পৰা অসমী চৰচ মেলা অনুষ্ঠিত হৈছে। অহা ১৫ ডিচেম্বৰত সামৰণি পৰিবলগীয়া এই মেলাত ৰাজ্যখনৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ আত্মসহায়ক গোটসমূহৰ দ্বাৰা উৎপাদিত হস্ততাত বস্ত্ৰশিল্প, অন্যান্য খলুৱা সামগ্ৰী আৰু জনগোষ্ঠীয় খাদ্যসম্ভাৰ উপলব্ধ হৈছে। এই মেলাত ৰাজ্যখনৰ প্ৰতিখন জিলাৰ পৰা অহা আত্মসহায়ক গোটৰ মহিলা আৰু ২৬ খন ৰাজ্যৰ পৰা অহা প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে। চৰচ মেলাৰ লগত সংগতি ৰাখি আজি সমূহীয়া দৌৰ কাৰ্যসূচী অনুষ্ঠিত হয়। সাঁতোৰবিদ এলভিছ আলী হাজৰিকা আৰু এথলীট হিমা দাসে এই সমূহীয়া দৌৰৰ ফ্লেগ অফ কৰে। উল্লেখযোগ্য যে এই মেলা প্রতিদিনে দিনৰ ১০ বজাৰ পৰা নিশা ৯ বজালৈ খোলা থাকিব। এই মেলাৰ জৰিয়তে জনসাধাৰণে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ লগতে দেশৰ ভিন ভিন জনগোষ্ঠীৰ চহকী হস্তশিল্প আৰু পৰম্পৰাগত সামগ্ৰী লাভ কৰিব পাৰিব।